অসম

assam

By

Published : Apr 17, 2019, 12:35 AM IST

ETV Bharat / state

কাৰ্বিআংলঙৰ ইটাৰভাটাত শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ বৰপথাৰ - শান্তিপুৰ থানাৰ অন্তৰ্গত টি বি চি (T. BC) ইটাৰ ভাটাত সংঘটিত এই জঘন্য, অমানবীয় ঘটনা

শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

কাৰ্বি আংলং, 16 এপ্ৰিল : কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী বৰপথাৰ শান্তিপুৰ থানা এলেকাৰ এটা ইটাভাটাত সংঘটিত হৈছে মানব অধিকাৰ উলংঘনৰ এক ভয়ংকৰ ঘটনা ৷ শ্ৰমিকৰ ভৰিত শিকলিৰে বান্ধি ঘণ্টাৰ পিছত ঘণ্টা ইটাৰ ভাটাত কাম কৰাই শ্ৰমিকক শাৰীৰিক প্ৰহাৰ মানৱ নামধাৰী দানৱৰূপী মালিকৰ । কাৰ্বিআংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ বৰপথাৰ - শান্তিপুৰ থানাৰ অন্তৰ্গত টি বি চি (T. BC) ইটাৰ ভাটাত সংঘটিত হৈছে এই জঘন্য, অমানবীয় ঘটনা ৷ ইটা ভাটাটোৰ মালিকদ্বয় ক্ৰমে ৰঞ্জন হাজৰিকা আৰু যিতু গগৈয়ে বিগত বহু মাহ ধৰি শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন চলাই অহাৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

শ্ৰমিকক পণবন্দী কৰি নিৰ্যাতন মালিকৰ

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ-ধিঙৰ আহদ মদানি নামৰ এগৰাকী লোকে শ্ৰমিক যোগান ধৰাৰ নামত ইটাভাটাৰ মালিক ৰঞ্জন হাজৰিকাৰ পৰা লৈছিল আগধন । তাৰ পাছত নিজ-ধিং, মৈৰাবাৰী আৰু দৰং আদি অঞ্চলৰ পৰা 28 গৰাকী শ্ৰমিকক নি মালিকক চমজাই পুনৰ আৰু শ্ৰমিক দিয়াৰ প্ৰতিশ্ৰুতিৰে আগধন লৈ পলায়ন কৰে আহদ মদানিয়ে । দ্বিতীয়বাৰৰ আগধন লৈ আৰু উভতি নগ'ল ইটাভাটালৈ । ফলত ইটাৰ ভাটাতে পণবন্দী হৈ থাকিবলগীয়া হয় এই 28 গৰাকী শ্ৰমিক । সাত মাহ ইটাৰ ভাটাত কাম কৰি এন আৰ চিৰ বাবে শ্ৰমিক কেইজনে ঘৰলৈ আহিব বিচৰাত মালিকে চুটি দিবলৈ অমান্তি হোৱাৰ লগতে পলাতক আহদ মদানিয়ে লৈ যোৱা টকা শ্ৰমিক সকলেই ওভতাই দিব লাগিব বুলি দাবী কৰি সিহঁতক আৱদ্ধ কৰি ৰাখে শ্ৰমিকসকলক ।

কেৱল সেইয়াই নহয় মালিক দুগৰাকীয়ে পৰিয়ালৰ লগত যোগাযোগ কৰিব নোৱাৰাকৈ শ্ৰমিকসকলৰ ম'বাইল ফোনও জব্দ কৰি ৰাখে ৷ পাচত কৌশলেৰে তাৰে চাৰিগৰাকী শ্ৰমিকে নিজৰ পত্নী-সন্তানক পণবন্দী হিচাবে ইটাভাটাত থৈ আহদ মদানিৰ সন্ধানত যাও বুলি ঘৰলৈ আহি পৰিয়ালৰ লোকক সবিস্তাৰে সকলো বৰ্ণনা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা । কতো সহায় নাপাই শ্ৰমিক সকলৰ হৈ ৰাবিয় বেগমে সহায় বিচাৰে সাংবাদিকৰ । সাংবাদিকে মৈৰাবাৰী থানা আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্ৰমিকসকলক ৷

ABOUT THE AUTHOR

...view details