অসম

assam

ETV Bharat / state

আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী মহিলা

চুবুৰীয়া ৰাজ্যসমূহৰ পৰা নিচাযুক্ত সামগ্ৰী কঢ়িয়াই অনা লোকৰ সন্ধানত কাৰ্বি আংলং আৰক্ষীয়ে চলাই অভিযান ৷ এই অভিযানত কাৰ্বি আংলঙৰ ডিলাইত বুজন পৰিমাণৰ গাঞ্জাসহ দুই মহিলাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ৷

women arrested with ganja
আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী মহিলা

By

Published : May 9, 2021, 7:31 PM IST

ডিফু ৯ মে’ :কাৰ্বি আংলং জিলাৰ মাজেৰে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে সমাজবিৰােধী চক্র সক্রিয় হৈ থকাৰ সময়তে দেওবাৰে কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে অভিযান চলাই এখন যাত্রীবাহী বাছৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জা সৰবৰাহ কৰাৰ অভিযােগত দুগৰাকী মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

এক নিৰ্ভৰযােগ্য সূত্ৰৰ ভিত্তিত প্রাপ্ত তথ্য অনুসৰি, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতােপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে ডিলাই থানাৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক তালাচী অভিযান চলায়।

আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী মহিলা

উক্ত অভিযানৰ সময়তে অভিযানকাৰী দলটোৱে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা হােজাই অভিমুখে আহি থকা এএছ-০২-এচি-৬৫২৪ নম্বৰৰ 'আয়েশা' নামৰ যাত্রীবাহী বাছখনত তালাচী চলাই কেইবাটাও পেকেটত ভৰাই অনা অৱস্থাত মুঠ ৩৩ কিঃ গ্রঃ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ হােৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ডেৰ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে । এই সন্দৰ্ভত গাঞ্জা সৰবৰাহ কৰাৰ অভিযােগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা মহিলা দুগৰাকী হােজাই জিলাৰ লংকাৰ গীতা দেৱী (৪৫) আৰু অনিতা ৰায় (২৭) বুলি ইতিমধ্যে, চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:পাথাৰকান্দিত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ

ABOUT THE AUTHOR

...view details