অসম

assam

By

Published : Nov 15, 2019, 3:56 PM IST

ETV Bharat / state

ডিলাইত আটক মৰণাস্ত্ৰসহ দুটা দুধৰ্ষ ইউ পি আৰ এফ কেডাৰ

কাৰ্বি আংলং জিলাৰ ডিলাইত অস্ত্ৰসহ দুটা দুধৰ্ষ ইউ পি আৰ এফ কেডাৰ আটক ৷ ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ডিলাইত আটক মৰণাস্ত্ৰ সহ দুটা দুধৰ্ষ ইউপিআৰএফ কেডাৰ

ডিফু, 15 নৱেম্বৰ :কাৰ্বি আংলং জিলাৰ ডিলাইত মাৰণাস্ত্ৰসহ দুটা দুধৰ্ষ ইউ পি আৰ এফ কেডাৰ আটক ৷ ঘটনাৰ ফলত উক্ত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ডিলাই থানাৰ অন্তৰ্গত নুমজান গাঁৱত মাৰণাস্ত্ৰ সহ দুজন দুধৰ্ষ কেডাৰ ঘূৰি ফুৰাৰ তথ্য আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে লাভ কৰে ৷ তথ্যৰ ভিত্তিতেই ডিলাই আৰু খটখটী আৰক্ষীৰ লগতে 20 এপিবিএন আৰু চি আৰ পিএফৰ দলে যৌথভাৱে অভিযান চলাই আৰু ইউ পি আৰ এফৰ দুটা কেডাৰ ক্ৰমে পাও হেগ্ৰা আৰু ছেজিন হাওকাপকক আটক কৰিবলৈ সক্ষম হয় ৷ উগ্ৰপন্থী কেডাৰ দুটাৰ পৰা অভিযানকাৰী দলটোৱে মেগজিন সহ 2 টা পইন্ট টু টু পিষ্টল, 2 টা সজীৱ গুলী আৰু 5 টা নাইন এমএম'ৰ সজীৱ গুলী আৰু দুটা দেশীয় ভাৱে নিৰ্মিত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,জিলাখনত পিডিচিকে আৰু ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে সঘনাই অভিযান চলাই থকাৰ মাজতে ইউপিআৰএফ কেডাৰ আটক হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অধিক তথ্যৰ বাবে ধৃত কেডাৰ দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details