ডিফু, ১৭ জুন:কাৰ্বিভূমিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ (Arms rescued in Laharijan) ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ এক গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে বিয়লি অসম-নগালেণ্ড সীমাৰ লাহৰিজানৰ টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (Two persons apprehended with arms)।
আৰক্ষীৰ জালত পৰা এই যুৱক দুজন হৈছে ক্ৰমে কাছাৰৰ কাবিল উদ্দিন লস্কৰ আৰু দৰঙৰ মাণিক আলি । ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা থ্ৰী নট থ্ৰী ৰাইফল, এটা ডি বি বি এল ৰাইফল, এটা স্কোপ, পইন্ট থ্ৰী নট থ্ৰী ৰাইফলৰ ৩৪ জাঁই সক্ৰিয় গুলী, পইন্ট 22 পিস্তলৰ ৭ জাঁই সক্ৰিয় গুলী, ৪৭ জাঁই বিভিন্ন বন্দুকৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Arms smuggling in Assam Nagaland border)।