অসম

assam

By

Published : Aug 23, 2021, 8:03 PM IST

ETV Bharat / state

3 কোটি টকাৰ মৰ্ফিন জব্দ লাহৰিজানত

কাৰ্বি আংলং জিলাৰ লাহৰিজানত বৃহৎ পৰিমাণৰ নিচা জাতীয় সমগ্ৰীৰ সহ দুগৰাকী সৰবৰাহকাৰীক আটক কৰে লাহৰিজান আৰক্ষীয়ে ৷ লাহৰিজানস্থিত পেট্ৰ'ল পাম্পৰ সমীপত আৰক্ষীয়ে চলোৱা এক নাকা তালাচীত আটক হয় নিচা জাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী দুজন ৷

two paddler with morphine arrested in lahorijan
3 কোটি টকাৰ মৰ্ফিন জব্দ লাহৰিজানত

ডিফু, 13 আগষ্ট : অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ লাহৰিজানত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী সহ দুজন সৰবৰাহকাৰীক আটক কৰে লাহৰিজান আৰক্ষীয়ে ৷ লাহৰিজানস্থিত পেট্ৰ'ল পাম্পৰ সমীপত আৰক্ষীয়ে চলোৱা এক নাকা তালাচীত আটক হয় নিচা জাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী দুজন ৷

আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, বোকাজানৰ পুৰণি লাহৰিজানত আৰক্ষীয়ে চলাইছিল নাকা তালাচী ৷ তালাচীত ডিমাপুৰৰ পৰা অহা এখন বাছৰ পৰা 1 কিলোগ্ৰামৰ মৰ্ফিন জব্দ কৰা হয় ৷ বাছখনৰ নম্বৰ হৈছে AS-09C-6054 ৷

3 কোটি টকাৰ মৰ্ফিন জব্দ লাহৰিজানত

লগতে পঢ়ক:আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

ইয়াৰ লগতে আটক কৰা দুই সৰবৰাহকাৰীৰ নাম ক্ৰমে, সঞ্জীত কুমাৰ আৰু লক্ষ্মণ চৌধুৰী ৷ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহিছিল বাছখন । মৰ্ফিনখিনি সৰবৰাহকাৰী দুজনে বাছৰ চিটৰ তলত লুকুৱাই আনিছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

মৰ্ফিনখিনিৰ মূল্য প্ৰায় 3 কোটি টকাৰ হ'ব বুলি অনুমান কৰিছে লাহৰিজান আৰক্ষীয়ে ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা লাহৰিজান হৈ অসমলৈ প্ৰায়ে ড্ৰাগছৰ দৰে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ হয় বুলি সন্দহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ লগতে অধিক তথ্যৰ বাবে আটক কৰা দুই সৰবৰাহকাৰীক সোধ-পোছ অব্যাহত ৰাখিছে লাহৰিজান আৰক্ষীয়ে ৷

লগতে পঢ়ক:তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

ABOUT THE AUTHOR

...view details