ডিফু, 28 ছেপ্টেম্বৰ :প্ৰায় দুমাহ পূৰ্বে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা চুপাৰি ছিণ্ডিকেটৰ সৈতে নাম সাঙুৰ খাই পৰা বোকাজানৰ দুই সাংবাদিকক অৱশেষত জিলাখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, পূৰ্বে সামাজিক মাধ্যমযোগে বিয়পি পৰা আটাছুৰ তেতিয়াৰ সভাপতি মিলন বুঢ়াগোঁহাই আৰু বিজেপি নেতা লাচিত গগৈৰ মাজত হোৱা বাৰ্তালাপত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বাবে গঢ় লৈ উঠা ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ লগতে এইক্ষেত্ৰত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ নামো অডিঅʼ ক্লিপিঙত উল্লেখ হৈছিল ৷
ঘটনা সন্দৰ্ভত লগে লগে কাৰ্বি আংলং আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি বিজেপি নেতা লাচিত গগৈক গ্ৰেপ্তাৰ কৰে ৷ এই ছিণ্ডিকেট চক্ৰত কাৰ্বি আংলং জিলাৰ, বোকাজানৰ দুই সাংবাদিক ক্ৰমে কল্যাণ বৰবৰুৱা আৰু সীমান্ত লাহনৰ নামো সাঙুৰ খাই পৰিছিল ৷ তেতিয়াৰ পৰায়ে আত্মগোপন কৰা বোকাজানৰ এই দুয়োগৰাকী যুৱ সাংবাদিক যোৱা দুমাহ ধৰি পলাতক অৱস্থাত থকাৰ পিছত বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷