অসম

assam

চুমিলা ৰংহাঙপীৰ নামত কাৰ্বি ভূমিত স্থাপন হ’ব বিদ্যালয়

By

Published : May 17, 2021, 12:34 PM IST

চুমিলা ৰংহাঙপীৰ ঘৰত উপস্থিত কাৰ্বি আংলঙৰ মুখ্য়কাৰ্যবাহী আৰু সাংসদ-বিধায়ক ৷ পিতৃমাতৃ প্ৰদান কৰিলে আৰ্থিক সাহায্য ৷ শীঘ্ৰে কাৰ্বি ভূমিত স্থাপন হ’ব চুমিলাৰ নামত এখন বিদ্যালয় ৷

প্ৰয়াত চুমিলা ৰংহাঙপীৰ বাসগৃহত  তুলিৰাম ৰংহাঙ সহ টীম কাৰ্বি আংলং
প্ৰয়াত চুমিলা ৰংহাঙপীৰ বাসগৃহত তুলিৰাম ৰংহাঙ সহ টীম কাৰ্বি আংলং

ডিফু, ১৭, মে' : ৰহাৰ খাইগড়ত হত্যাৰ বলি হোৱা কাৰ্বি জীয়ৰী চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত হয় টীম কাৰ্বি আংলং সহ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ চুমিলাৰ বাসগৃহত উপস্থিত হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এখন অত্যাধুনিক সা-সুবিধাযুক্ত ইংৰাজী মাধ্যমৰ মধ্য-উচ্চ মাধ্যমিক বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ আৱাসিক গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ লগতে চুমিলা ৰংহাঙপীৰ পিতৃ-মাতৃৰ হাতত উনৈশ লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

প্ৰয়াত চুমিলা ৰংহাঙপীৰ বাসগৃহত তুলিৰাম ৰংহাঙ সহ টীম কাৰ্বি আংলং

উল্লেখ্য যে, ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বিগত ২২ এপ্ৰিলত অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল পশ্চিম কাৰ্বি আংলঙৰ কুদাম ৰংহাং গাঁৱৰ চুমিলা ৰংহাঙপীৰ । কিন্তু সেই ঘটনা হত্যাকাণ্ড বুলি দাবী কৰিছিল স্থানীয় লোকে ৷ ঘটনাৰ ২৫ দিনৰ পাচত দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পিতৃ গৃহত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে ডিফুৰ সাংসদ হৰেণছিং বে’, তিনি বিধায়ক ক্ৰমে বৈঠালাংছ'ৰ ৰূপছিং তেৰণ, হাওৰাঘাটৰ দৰছিং ৰংহাং, ডিফুৰ বিদ্যাছিং ইংলেং আৰু পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ এক বৃহৎ দল উপস্থিত হয় । পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চুমিলা ৰংহাংপীৰ পিতৃ-মাতৃৰ হাতত চি ই এম সাহায্য পূঁজিৰ পৰা দহ লাখ টকাৰ এককালীন সাহায্যৰ এখন চেক অৰ্পণ কৰে ।

প্ৰয়াত চুমিলা ৰংহাঙপীৰ বাসগৃহত তুলিৰাম ৰংহাঙ সহ টীম কাৰ্বি আংলং

ইয়াৰ উপৰিও কাৰ্বি পৰিষদৰ ২৬ জন সদস্যৰ লগতে এজন সাংসদ, চাৰিজনকৈ বিধায়কে গৃহ নিৰ্মাণৰ বাবে চুমিলাৰ পিতৃ-মাতৃক এমাহৰ দৰমহা পৰা মুঠ ৮,৪০,১৭২ টকাৰ আন এখন চেক প্ৰদান কৰে । চি ই এম তুলিৰাম ৰংহাঙে গাঁৱখনত চুমিলাৰ নামত এখন অত্যাধুনিক সা-সুবিধাযুক্ত ইংৰাজী মাধ্যমৰ মধ্য আৰু উচ্চ মাধ্যমিক আৱাসিক বিদ্যালয়ৰ লগতে চুমিলাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ।

প্ৰয়াত চুমিলা ৰংহাঙপীৰ বাসগৃহত তুলিৰাম ৰংহাঙ সহ টীম কাৰ্বি আংলং

আনহাতে, অনতিপলমে চুমিলাৰ নামত এটি বয়ন কেন্দ্ৰ স্থাপন আৰু খোৱা পানী উপলব্ধ কৰাৰ লগতে চুমিলাৰ ঘৰলৈ যোৱা পথটো পকী ব্লকেৰে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে চি ই এম তুলিৰাম ৰংহাঙে । লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা 60 কোটি টকাৰ সাহায্যৰে কাৰ্বি পাহাৰৰ প্ৰাথমিক আৰু মাধ্যমিক বিদালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা হাতত লোৱা বুলিও উল্লেখ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।
লগতে পঢ়ক : মুকলি হ'ল পবিত্ৰ কেদাৰনাথ ধামৰ দ্বাৰ

ABOUT THE AUTHOR

...view details