ডিফু, ১৬ এপ্ৰিল: মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত নিৰ্মীয়মান অৱস্থাত থকা কাৰ্বি ভৱন পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ শুকুৰবাৰে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্যক লগত লৈ নিৰ্মীয়মান ভৱনটোৰ কামৰ অগ্ৰতিৰ বুজ লোৱাৰ উদ্দেশে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে হঠাৎ, শ্বিলঙত উপস্থিত হৈ কাৰ্বি ভৱন পৰিদৰ্শন কৰে ৷
শ্বিলঙত নিৰ্মীয়মাণ কাৰ্বি ভৱন পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ - ডিফু লোক সভা সমষ্টি
কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শ্বিলঙত নিৰ্মীয়মান অৱস্থাত থকা কাৰ্বি ভৱন পৰিদৰ্শন কৰে শুকুৰবাৰে ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৈতে ডিফু লোক সভা সমষ্টিৰ সাংসদ হৰেণ ছিং বে’ৰ লগতে কাৰ্বি পৰিষদৰ বিভিন্ন বিভাগীয় অধ্যক্ষ কেইবাগৰাকীও উপস্থিত থাকে ৷
চিলঙত নিৰ্মীয়মাণ কাৰ্বি ভৱন পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ
পূৰ্বতে থকা কাৰ্বি ভৱনটো ভাঙি নতুনকৈ নিৰ্মান হ’ব লগা তিনি মহলীয়া অট্টালিকাৰ পৰিদৰ্শনৰ সময়ছোৱাত ডিফু লোক সভা সমষ্টিৰ সাংসদ হৰেণ ছিং বে’ৰ লগতে কাৰ্বি পৰিষদৰ বিভিন্ন বিভাগৰ বিভাগীয় অধ্যক্ষ কেইবাগৰাকীও উপস্থিত থাকে ৷
লগতে পঢ়ক : প্ৰমোদ ভ্ৰমণৰ অন্ত : অসমমুখী হ’ল এআইইউডিএফৰ 20 প্ৰাৰ্থী