অসম

assam

ETV Bharat / state

চৰকাৰী অনুষ্ঠানত আৰক্ষী ব্যস্ত থকাৰ সুযোগতে ডিফুৰ এটা বেংকত চুৰৰ সিন্ধি - robbery at boi bank in diphu

ডিফুত বেংকৰ পৰা ধন চুৰিৰ অপচেষ্টা ৷ বেংক অৱ ইণ্ডিয়াৰ ডিফু শাখাত CDM ভাঙি ধন উলিয়াই নিয়াৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ কৌশলগতভাৱে ধন ৰখাৰ বাবে ব্যৰ্থ হয় চোৰৰ এই প্ৰচেষ্টা ৷

robbery at boi bank in diphu
বেংকৰ CDM মেচিন ভাঙি চোৰৰ ধন নিয়াৰ চেষ্টা

By

Published : Aug 23, 2021, 6:38 PM IST

ডিফু, 23 আগষ্ট : মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিফুত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ উপায়ুক্তসকলৰ সন্মিলন চলি থকাৰ সময়তে বেংক অৱ ইণ্ডিয়াৰ ডিফু শাখাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ খিৰিকিৰ গ্ৰীল ভাঙি দুৰ্বৃত্তই ধন উলিয়াই নিয়াৰ বাবে কৰিলে প্ৰচেষ্টা ৷ ইফালে বেংক অৱ ইণ্ডিয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, CDM ভাঙি দুৰ্বৃত্তই ধন চুৰিৰ চেষ্টা চলাইছিল যদিও নিব নোৱাৰিলে ধন ৷

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে পুৱতি নিশা প্ৰায় 2ৰ পৰা 3 বজাৰ ভিতৰত এই চুৰিকাণ্ড সংঘটিত হয় ৷ বেংকৰ চিচিটিভি কেমেৰাত আৱদ্ধ দৃশ্যত বেংকৰ পিছফালৰ খিৰিকিৰ গ্ৰীল ভাঙি চোৰটোৱে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে ৷ বেংকত প্ৰৱেশ কৰাৰ পাচতে চোৰটোৱে বেংকৰ ভিতৰত থকা CDM ভাঙি ধন উলিয়াই নিয়াৰ অপচেষ্টা কৰে ৷

কৌশলগতভাৱে ধন ৰখাৰ বাবে ব্যৰ্থ হয় চোৰৰ অপচেষ্টা

লগতে পঢ়ক :ছাগলী চোৰৰ বৃত্তিত অৱসৰ প্ৰাপ্ত সেনা জোৱান

অৱশ্যে CDM ৰ মেচিনটোত কৌশলগতভাৱে ধন ৰখাৰ বাবে চোৰটো ধন উলিয়াই নিয়াত ব্যৰ্থ হয় ৷

ঘটনা সন্দৰ্ভত ডিফু থানাত এটা গোচৰ ৰুজু হৈছে বুলি বেংকৰ হেড কেচিয়াৰ বেঞ্জামিন চিংনাৰে জানিবলৈ দিছে ৷ ঘটনাৰ পাচতে বেংকটোৰ কৰ্তৃপক্ষই বেংকৰ সন্মুখত "ব্ৰাঞ্চ ইজ টেম্পৰেৰিলী ক্ল'জড ফৰ চিকিউৰিটি ৰিজন" বুলি এখন জাননী আঁৰি থোৱা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক :বৰপেটাৰোডত CCTV ত আৱদ্ধ চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details