অসম

assam

By

Published : Oct 29, 2022, 4:59 PM IST

Updated : Oct 29, 2022, 5:06 PM IST

ETV Bharat / state

Suspected Morphine seized: ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত মৰফিন জব্দ

শনিবাৰে পুনৰ বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত মৰফিন (Suspected Morphine seized) ৷ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

suspected Morphine seized at dilai in Diphu
ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত

ডিফু, ২৯ অক্টোবৰ:শনিবাৰে পুনৰ বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত মৰফিন ৷ ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে তালাচী চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত মৰফিন (Suspected Morphine seized at Dilai) ৷

ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত

এক গোপন সূত্ৰ অনুসৰি চলোৱা এই তালাচীত মণিপুৰ দিশৰ পৰা আহি থকা অৱস্থাত UP 14BV 4234 নম্বৰৰ এখন বাহনত অভিযান চলাই বাহনখনৰ পিছফালে লুকুৱাই ৰখা অৱস্থাত প্ৰায় চাৰি কেজি সন্দেহযুক্ত মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত

ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, মণিপুৰৰ হেমখ’লাল লুকিন (৩৭) আৰু জংমিনলাল হওকিপ (৩৮) বুলি চিনাক্ত কৰা হৈছে । ইফালে বোকাজানৰ মহকুমাধিপতিজন দাসৰ উপস্থিতিত জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য প্ৰায় 15 কোটি টকা বুলি জানিব পৰা গৈছে ।

ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত

ইফালে, শুকুৰবাৰে নিশা মৰিগাঁও আৰু নগাঁৱত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই (Operation against Drugs in Nagaon and Morigaon) দুটা ড্ৰাগছ সহৰবৰাহকাৰীক আটক কৰে ৷ লগতে মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে ড্ৰাগছ সহৰবৰাহকাৰীকেইটাৰ পৰা প্ৰায় 1 কোটি টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ লগতে, শুকুৰবাৰে নিশা ৰহাত আৰক্ষীয়ে অভিযান চলাই আটক তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৩.২২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে (Drugs peddlers arrested) ৷ লগতে আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখন মটৰ চাইকেল ৷ ধৃত সৰবৰাহকাৰীকেইটা বাৰপূজীয়াৰ গৌৰব দেউৰী (২৩), পৃথিৱীৰাজ ডেকাদলৈ (২২) আৰু দীঘলীয়াআটিৰ ৰাহুল দাস (২২) ৷

ডিফুত ১৫ কোটি টকাৰ সন্দেহযুক্ত

আনহাতে, শুকুৰবাৰে কামৰূপৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলাই আমিনগাঁও আৰ্মী কেম্পৰ সমীপৰ বাছ ষ্টেণ্ডৰ পৰা জব্দ কৰে ১৫ পেকেট হেৰ'ইন (Police seized heroin) ৷ আৰক্ষীয়ে জনোৱা মতে, হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা ৷ হেৰ'ইনখিনি শিলিগুৰিলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি জনালে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Police anti drug operation: ৰহাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Last Updated : Oct 29, 2022, 5:06 PM IST

ABOUT THE AUTHOR

...view details