ডিফু, ২০ ছেপ্তেম্বৰ :অসম চৰকাৰৰ 'ইণ্ডিজেনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ’ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিবলৈ দেওবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফু আৰু বোকাজানত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু উপাধ্যক্ষ ডাঃ নোমল মমিন ৷
বোকাজানৰ চিচিআই ফিল্ডত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী নেতাই ডিফুস্থিত আৰব'ৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ সন্মিলন কক্ষত অনুষ্ঠিত কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ মত বিনিময় অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে, অসম চৰকাৰৰ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰৰ অধীনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময়ৰ উদ্দেশ্যে আহিছে ৷
খিলঞ্জীয়া মানুহৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰচাৰৰ বাবে কি ধৰণৰ আঁচনি বা ব্যৱস্থা ল’লে খিলঞ্জীয়াসকলৰ সুবিধা হ’ব সেই লৈ এই মত বিনিময় কৰা হৈছে ৷ তেওঁ লগতে এই মতামতবোৰ প্ৰতিবেদন আকাৰে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷