অসম

assam

ETV Bharat / state

মাঞ্জাত পথ দুৰ্ঘটনাত আহত যুৱক - আঘাটপ্ৰাপ্ত

মাঞ্জাৰ পৰা ডিফুলৈ গৈ থকা AS-01 EP-4456 নম্বৰৰ এখন বলেৰ’ৰ সৈতে বিপৰীত দিশৰ পৰা মাঞ্জা অভিমুখে আহি থকা AS-01 MA 3491 নম্বৰৰ পালচাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ ঘটে ৷ ফলত মটৰ চাইকেল চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

মাঞ্জাত পথ দুৰ্ঘটনাত আহত কেইবাজনো
মাঞ্জাত পথ দুৰ্ঘটনাত আহত কেইবাজনো

By

Published : Feb 23, 2021, 1:53 PM IST

ডিফু,২৩ ফেব্ৰুৱাৰীঃমঙলবাৰে পুৱাৰ ভাগত কাৰ্বি আংলং জিলাৰ মাঞ্জাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ ডিফু-মাঞ্জা পথৰ বৌদ্ধৰ প্ৰতিমূৰ্তিৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি, মাঞ্জাৰ পৰা ডিফুলৈ গৈ থকা AS-01 EP 4456 নম্বৰৰ এখন বলেৰ’ৰ সৈতে বিপৰীত দিশৰ পৰা মাঞ্জা অভিমুখে আহি থকা AS-01 MA 3491 পালচাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত মটৰ চাইকেল চালক বোকাজানৰ কিশোৰ বাছফৰৰ পুত্ৰ ৰাজা বাছফৰ (২২) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

আনহাতে, আন দুজন মটৰ চাইকেল আৰোহী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ৰাজা বাছফৰক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷

লগতে পঢ়কঃ তিনিচুকীয়াত চলন্ত অৱস্থাত অগ্নিদগ্ধ বাহন

ABOUT THE AUTHOR

...view details