ডিফু, ৬ অক্টোবৰঃসোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কাৰ্বি যুৱ মহোৎসৱে । এইবাৰ কাৰ্বি যুৱ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক । আজি তাৰালাংছ'ৰ যুৱ মহোৎসৱস্থলী কাৰ্বি পিপ'লছ হলত সোণালী জয়ন্তী উদযাপনৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয় । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে,' কাৰ্বি কালচাৰেল ছোচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ', বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, বিশিষ্ট কাৰ্বি লেখক,গৱেষক লুঞ্চে তিমুং, কাৰ্বি লাম্মেত আমেই (সাহিত্য সভা), বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এখন গাম্ভীৰ্যপূৰ্ণ সভাত সোণালী জয়ন্তী উদযাপন বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।
ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীক ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু সম্পাদকৰূপে নিৰ্বাচিত কৰা হয় । উল্লেখযোগ্য যে প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ এইবাৰ ১২ জানুৱাৰীৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হ'ব ।