ডিফু,30 নৱেম্বৰ :কার্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত তথা কার্বি লাম্মেট আমেইৰ বকলীয়াঘাট শাখা আৰু তিৱা মাথনলাই তখ্রাৰ সহযােগত দেওবাৰে বকলীয়াঘাটৰ যমুনা নদীৰ পাৰৰ নৈসর্গিকতাৰ মাজত এক স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয় ।
যমুনাৰ পাৰত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান - যমুনাৰ পাৰত স্বৰচিত কবিতা পাঠৰ অনুস্থান
বকলীয়াঘাটৰ যমুনাৰ পাৰত কবিতা পাঠৰ অনুষ্ঠান ৷ ভালেকেইগৰাকী নবীন-প্রবীণ কবিৰ অংশগ্রহণ ৷ অনুষ্ঠানটোত অসমীয়া, তিৱা আৰু কার্বি ভাষাৰ কবিতাসমূহৰ পর্যালােচনা আগবঢ়ায় ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷
যমুনাৰ পাৰত স্বৰচিত কবিতা পাঠৰ অনুস্থান
ত্রিভাষিক স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা আহি ভালেসংখ্যক কবিয়ে অসমীয়া, কার্বি আৰু তিৱা ভাষাত কবিতা পাঠ কৰে । নবীন-প্রবীন ভালেসংখ্যক কবিয়ে স্বৰচিত কবিতা পাঠ কৰা অনুষ্ঠানটোত হৰিমােহন জিগদুং, ভৱপ্রসাদ দেউৰী আৰু ধনছিং তেৰাঙে ক্রমে, অসমীয়া, তিৱা আৰু কার্বি ভাষাৰ কবিতাসমূহৰ পর্যালােচনা আগবঢ়ায় ।
লগতে পঢ়ক:নলবাৰীৰ ৰাস মহোৎসৱ উদ্বোধন কৰিলে সাংসদ দিলীপ শইকীয়াই