ডিফু, ১২ নৱেম্বৰঃঅসমৰ ক্ষুদ্র বাতৰি কাকতৰ জগতত এক নৱ সংযােজন ঘটাই পশ্চিম কার্বি আংলঙত বৃহস্পতিবাৰে আত্মপ্রকাশ কৰিছে অন্য এক ক্ষুদ্র বাতৰি কাকত পাহাৰৰ বার্তাই। বৃহস্পতিবাৰে দিনৰ এঘাৰ বজাত পশ্চিম কার্বি আংলং জিলাৰ ডংকামােকামস্থিত জলসিঞ্চন বিভাগৰ পৰিদর্শন বাংলােত আয়ােজিত এক গাম্ভীর্যপূর্ণ পৰিবেশত কাকতখনৰ শুভ উন্মােচন কৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাকতখন উন্মােচন কৰি প্রদান কৰা ভাষণত মুখ্য কার্যবাহীগবাকীয়ে আগত দিনত কাকতখনে সঠিক দিকদর্শনেৰে বাতৰি পৰিৱেশন কৰিব বুলি আশা প্রকাশ কৰি গঠনমূলক বাতৰি পৰিৱেশনৰ ক্ষেত্রত অগ্রাধিকাৰ প্রদানৰ বাবে আহ্বান জনায়।
ক্ষুদ্র বাতৰি কাকতৰ জগতৰ নব্য সংযােজন 'পাহাৰৰ বার্তা' উন্মােচন - তুলিৰাম ৰংহাঙ
অসমৰ ক্ষুদ্র বাতৰি কাকতৰ জগতত এক নৱ সংযােজন ঘটাই পশ্চিম কার্বি আংলঙত বৃহস্পতিবাৰে আত্মপ্রকাশ কৰিছে অন্য এক ক্ষুদ্র বাতৰি কাকত পাহাৰৰ বার্তাই। বৃহস্পতিবাৰে দিনৰ এঘাৰ বজাত পশ্চিম কার্বি আংলং জিলাৰ ডংকামােকামস্থিত জলসিঞ্চন বিভাগৰ পৰিদর্শন বাংলােত আয়ােজিত এক গাম্ভীর্যপূর্ণ পৰিবেশত কাকতখনৰ শুভ উন্মােচন কৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।
শেহতীয়াকৈ, বিভিন্ন মাধ্যমযােগে বাতৰিৰ প্রচাৰ সুলভ আৰু সহজ হৈ পৰাৰ ফলত বহুসময়ত কেতবােৰ সমাজৰ বাবে অশুভ বার্তাবাহক বাতৰিয়েও প্রচাৰ লাভ কৰে বুলি মন্তব্য কৰি 'পাহাৰৰ বার্তা'ই সংবাদসেৱাৰ ক্ষেত্রত এক সুস্থ বাতাৱৰণ সৃষ্টিত অৰিহণা যােগাব বুলি মুখ্য কার্যবাহীগবাকীয়ে আশা প্রকাশ কৰে। সভাখনত আদৰণি ভাষণ প্রদান কৰি কাকতখনৰ সম্পাদক অশোকা সিঙে পশ্চিম কার্বি আংলং জিলাখন বিভিন্ন কাৰণত পিছপৰা এলেকা হােৱাৰ বাবে বিভিন্ন সময়ত ইয়াৰ বহুবােৰ সমস্যাই সংবাদ মাধ্যমৰ অগােচৰে থাকি যায় বুলি মন্তব্য কৰি পিছপৰা এলেকাসমূহৰ ৰাইজৰ সকলাে সমস্যাক সবল ৰূপত জনমানসত তুলি ধৰাৰ বাবেই পশ্চিম কার্বি আংলঙৰ পৰা কাকতখন প্রকাশৰ পদক্ষেপ গ্রহণ কৰা বুলি কয় ।
স্থানীয় ভালেসংখ্যক সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত হােরা সভাখনত সাংসদ হৰেণছিং বে, বৈঠালাংছৰ বিধায়ক ডাঃ মানছিং ৰংপি, কার্বি আংলং স্বায়ত্বশাসিত পবিষদৰ কার্যবাহী সদস্য মংগলছিং তিমুং, কাকতখনৰ প্রকাশক ৰামচন ৰংপি, পাহাৰৰ বার্তাৰ কার্যবাহী সম্পাদক দিপাঙ্কৰ দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
লগতে পঢ়ক: বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ