অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ - কাঞ্চাছডিকম

বৃহস্পতিবাৰে দীর্ঘদিনীয়া ৰাজনৈতিক দাবী পূৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিলে কাঞ্চাছডিকম, কেএছএসহ কেইবাটাও সংগঠনে । নির্বাচনৰ পূর্বে পার্বত্য জিলাকেইখনক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪ (A) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে দাবী জনাইছে সংগঠনকেইটাই ।

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ
স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ

By

Published : Dec 31, 2020, 6:56 PM IST

ডিফু, ৩১ ডিচেম্বৰ: ২০২০ৰ অন্তিম দিনটোত দীর্ঘদিনীয়া ৰাজনৈতিক দাবীক লৈ পুনৰ তৎপৰ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও দল সংগঠন । কাঞ্চাছডিকম, কেএছএ, ডিএছইউকে ধৰি কেইবাটাও সংগঠন স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ বাবে দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰে ।

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ

বৃহস্পতিবাৰে ডিফুস্থিত কাঞ্চাচডিকমৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে সংগঠনকেইটাৰ নেতৃত্বই । প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত পাৰ্বত্য জিলা দুখনৰ জনপ্ৰতিনিধিসকলে ঐক্যবদ্ধ বাবে স্বাক্ষৰ কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাত সংগঠনকেইটাৰ নেতৃত্বই সন্তুষ্টি প্ৰকাশ কৰে ৷

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ

মুকলি পত্ৰৰ জৰিয়তে সমাগত বিধানসভা নির্বাচনৰ পূর্বে পার্বত্য জিলাকেইখনক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪ (A) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে অহা এপ্রিলত সংসদৰ অধিৱেশনত এই সম্পর্কীয় বিধেয়ক উত্থাপন কৰাৰ দাবী জনোৱা হয় ।

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ

এই দাবীৰ সমর্থনত দীর্ঘ দিন ধৰি আন্দোলন কৰি অহা সংগঠন কাঞ্চাছডিকমৰ নেতৃত্বত কার্বি আদৰবাৰ, কাৰ্বি ছাত্র সন্থা, ডিমাচা ছাত্র সন্থা, জুড়িখে নাইছ হচম, কার্বি ৰিচ' আদৰবাৰ, কার্বি চ আৰল' আমেই, কার্বি নিবনুবা যুৱ সন্থাকে ধৰি কেইবাটাও সংগঠনে এই কাৰ্যত সহযোগিতা কৰে ।

স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধানমন্ত্ৰীলৈ মুকলি পত্ৰ কেইবটাও সংগঠনৰ

আজি প্রধানমন্ত্রীলৈ প্রেৰণ কৰা পত্রত ডিফুৰ সাংসদ হৰেণছিং বে, মন্ত্রী চুম' ৰংহাং, বােকাজানৰ বিধায়ক নােমল মমিন, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং, বৈঠালাংছ'ৰ বিধায়ক মানছিং ৰংপি, হাফলঙৰ বিধায়ক বীৰভদ্র হাগজেৰৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃবর্গই স্বাক্ষৰ কৰে।



লগতে পঢ়ক:ৰাইজক জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ আহ্বান AIKSৰ

ABOUT THE AUTHOR

...view details