ডিফু, ৩০ জুন: এটা ভাতৃঘাটি সংঘৰ্ষই জোঁকাৰি গৈছে কাৰ্বি পাহাৰ ৷ কাৰ্বি আংলং জিলাৰ ডিলাইত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো ৷ দীৰ্ঘদিন ধৰি চলি অহা ঘৰুৱা কাজিয়াৰ বাবেই সহোদৰ কণিষ্ঠ ভাতৃ দাৰে ঘপিয়াই প্ৰাণ ল'লে জ্যেষ্ঠ ভাতৃৰ ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে সন্ধিয়া ৭ মান বজাত ডিলাই থানাৰ অন্তৰ্গত হাতোকা ছমুৱেল লগুণ গাঁৱৰ নিবাসী ৰবাৰ্ট নাগে নিজৰ কণিষ্ঠ ভাতৃক গালি-গালাজ পাৰে ৷
ঘাতক সহোদৰৰ দাৰ ঘাপত প্ৰাণ গ'ল এজনৰ - কাৰ্বি আংলং
সহোদাৰৰ দাৰ ঘাপত প্ৰাণ গ'ল এজনৰ ৷ আৰক্ষী থানাত দোষ স্বীকাৰ হত্যাকাৰীৰ ৷
তেওঁৰ কণিষ্ঠ ভাতৃ চোলেমান নাগে গালি গালাজ শুনি ঘৰৰ পৰা এখন চোকা দালৈ ঘৰৰ কাষেৰে যোৱা ৰাস্তালৈ ওলাই আহে আৰু হাততলৈ থকা দাৰে জেষ্ঠ ভাতৃ ৰবাৰ্ট নাগক ডিঙি আৰু হাতত ঘপিয়াই আহত কৰে ৷ ভায়েকৰ দাৰ ঘাপত ককায়েক মাটিত ঢলি পৰে আৰু ঠাইতে মৃত্যুক সাৱটি লয় ৷ ৰবাৰ্ট নাগৰ আন এজন ভাতৃৰ এজাহাৰৰ ভিত্তিত ডিলাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ধাৰাত ১৯/২০২০ নম্বৰত গোচৰ ৰুজু কৰে ৷ মঙলবাৰে পুৱাৰ ভাগত হত্যাকাৰী ভাতৃ চোলেমান নাগক হত্যাত ব্যৱহৃত দা সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ চোলেমানে নিজৰ অপৰাধ আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ হত্যাকাৰীক আদালতত হাজিৰ কৰি তদন্তৰ বাবে এদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ডিলাই আৰক্ষীয়ে ৷
লগতে পঢ়ক :বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান