মৃতদেহ কঢ়িয়াবলৈ নাই বাহন - মেন বে’
ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয় কাদম ৰংহাংপীয়ে ৷ মৃতদেহ কঢ়িয়াবলৈ নাপালে বাহন
ডিফু, 8 আগষ্ট : এক কৰুণ দৃশ্য ৷ এজন ব্যক্তিয়ে কান্ধত উঠাই ঘৰলৈ নিবলগীয়া হ'ল পত্নীৰ মৃতদেহ ৷ কাৰ্বি আংলঙৰ ডিফুত সংঘটিত এই ঘটনা ৷ চিকিৎসালয়ৰ পৰা চাৰি কিল'মিটাৰ দূৰৈত থকা ঘৰলৈ এনেদৰেই পত্নীৰ মৃতদেহ কঢ়িয়াবলগীয়া হ'ল অসহায় দৰিদ্ৰ ব্যক্তিজনে ৷ ডিফু চহৰৰ কিছু দূৰত্বত থকা মেন ৰংহাং গাঁৱৰ মেন বে’ৰ পত্নী কাদম ৰংহাংপীয়ে ডায়েৰীয়া ৰোগত আক্ৰান্ত হোৱাত সোমবাৰে পুৱা ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়তে কাদমৰ মৃত্যু হোৱাত চৰকাৰী এম্বুলেন্স, 108 মৃত্যুঞ্জয় সেৱা বিচাৰে যদিও কোনো এখন চৰকাৰী বা বে-চৰকাৰী বাহন লাভ কৰিবলৈ সক্ষম নহ'ল ৷ অৱশেষত উপায়ন্তৰ হৈ স্বামী মেন বে’য়ে ডিফু চহৰৰ মাজেদিয়েই মৃত পত্নীক কান্ধত লৈ সুদীৰ্ঘ চাৰি কিঃমি পথ খোজ কাঢ়ি ঘৰলৈ লৈ যায় ৷