ডিফু, ৯ জুলাই : ‘‘ৰাজ্যত পুনৰ কোনো লোকেই নতুনকৈ বিদ্যালয় স্থাপন কৰিব নোৱাৰিব ৷ প্ৰয়োজনত বিদ্যালয় স্থাপন কৰাৰ কথা ৰাজ্য চৰকাৰে বিবেচনা কৰিব ৷" ডিফুত উপস্থিত হৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে জিলাখনত উপস্থিত হয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পুৰণি সচিবালয়ত এক দীৰ্ঘ পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী গৰাকী ৷ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শৈক্ষিক দিশ আৰু শিক্ষাৰ সৈতে সম্পর্কীয় প্রশাসনিক সমস্যা সন্দৰ্ভত সবিশেষ পর্যালােচনা কৰে মন্ত্ৰী পেগুৱে ।
উক্ত আলােচনাত জিলা দুখনৰ প্রাথমিক পর্যায়ৰ পৰা উচ্চ শিক্ষালৈকে বিভিন্ন বিষয়ৰ সমস্যা, কাৰ্বি ভাষাক আধুনিক ভাৰতীয় ভাষা হিচাপে চলােৱা, কাৰ্বি ভাষা মাধ্যমৰ বিদ্যালয়, প্রাথমিক পর্যায়ত কাৰ্বি ভাষাৰ প্ৰৱৰ্তন কৰা আদি বিষয় সন্দৰ্ভত আলােচনা কৰা হয়।
নতুনকৈ আৰু কোনো বিদ্যালয় স্থাপন কৰিব নোৱাৰিব: শিক্ষা মন্ত্ৰী ইফালে, সাংবাদিকৰে হােৱা বাৰ্তালাপত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ স্থিতিৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে, ৰাজ্যখনত এতিয়াও প্রাদেশীকিকৰণৰ আওতাত নপৰা শিক্ষানুষ্ঠানৰ সংখ্যা বাৰ হাজাৰ । তেনে স্থলত কোনাে স্থানত যদি শিক্ষানুষ্ঠানৰ প্রয়ােজন হয় সেই সন্দৰ্ভত চৰকাৰক আবেদন জনােৱাৰ পিছত প্রয়ােজন অনুসাৰে চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ।
মন্ত্রীগৰাকীয়ে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰৰ বাবেও এই জিলা খন এক বিশেষ গুৰুত্বপূৰ্ণ এলেকা বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে, এই এলেকাটো শৈক্ষিক দিশত অতিকে পিছপৰা ব্লক আছে । সেয়েহে, সামগ্রিকভাবে ইয়াৰ আন্তঃগাঁঠনিৰ সমস্যা, শিক্ষক নিযুক্তিৰ সমস্যা, শিক্ষা বিভাগৰ কার্যালয়সমূহৰ কিছু পদ সৃষ্টি আৰু নিযুক্তিৰ সমস্যা, প্রদেশীকৰণ আইনে সামৰি নােলােৱা শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবেও আলােচনা কৰা হয় ৷
এইক্ষেত্ৰত পার্বত্য এলেকা উন্নয়ন বিভাগৰ সৈতে সন্মিলিতভাৱে কেতবােৰ কাম কৰাৰাে পােষকতা কৰে মন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত কাৰ্বি আংলঙৰ শিক্ষাৰ প্রতিচ্ছবিখন অধিক উজলাই তােলাৰ লক্ষ্যৰে কাম কৰি যােৱা হ'ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে । পূর্বৰ চৰকাৰখনে শিক্ষানুষ্ঠান প্রদেশীকিকৰণৰ ক্ষেত্ৰত
প্রয়ােজনভিত্তিক ’ (Need Base) নীতিৰ কথা উল্লেখ কৰিছিল বুলি মন্তব্য কৰে ।
সেই অনুসৰি যিবােৰ এলেকাত যথেষ্ট ছাত্র-ছাত্রী আছে অথচ শিক্ষানুষ্ঠানৰ অভাৱ তেনেবােৰ এলেকাৰ বাবে চৰকাৰে কেতবােৰ নিৰ্দিষ্ট ইতিবাচক সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিব বুলি অৱগত কৰে ৷ পর্যালােচনা সভাখনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে ’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ পৰিষদৰ কাৰ্যবাহী সদস্য,পৰিষদীয় সদস্যৰ লগতে কেইবাটাও ছাত্র সংগঠনৰ সদস্য উপস্থিত থাকে ৷
লগতে পঢ়ক-মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি