অসম

assam

By

Published : Apr 24, 2022, 7:40 PM IST

ETV Bharat / state

PM Modi's Assam visit: ডিফুত বিজেপিৰ পৰ্যালোচনা সভা

প্ৰসংগ নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ (PM Modi's visit in Assam)৷ প্ৰধান মন্ত্ৰী গৰাকীৰ আগমনক কেন্দ্ৰ কৰি এতিয়া ডিফুত দলীয় কৰ্মীসকলে বহিছে ইখনৰ পাচত সিখন সভাত ৷ দেওবাৰেও ডিফুত প্ৰধান মন্ত্ৰীৰ "মন কী বাত" কাৰ্যসূচীত অংশ গ্ৰহণ মন্ত্ৰীদ্বয় ক্ৰমে পীযুষ হাজৰিকা আৰু যোগেন মোহনে বিজেপিৰ দলীয় নেতা-কৰ্মীৰ সৈতে মিলিত হয় এক পৰ্যালোচনা সভাত ৷

Assam BJP review meeting in diphu
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ

ডিফু, 24 এপ্ৰিল : চলিত মাহৰ 28 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ (PM Modi to visit Assam on April 28) ৷ 28 এপ্ৰিলত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত হৈ আনুষ্ঠানিকভাৱে 7 খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্ধোধন কৰাৰ লগতে 7 খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ

আনকি, একেদিনাই কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিনথেপিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচীক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত অব্যাহত আছে যুদ্ধকালীন প্ৰস্তুতি । যাৰ বাবে জিলাখনৰ লৰিনথেপিত এতিয়া সঘনে ভিৰ কৰিছেহি চৰকাৰ, প্ৰশাসন তথা বিজেপি দলৰ নেতা-কৰ্মীসকলে ৷

ডিফুত বিজেপিৰ পৰ্যালোচনা সভা

অলপতে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সমাৰোহস্থলিত উপস্থিত হৈ বুজ লয় সভাখনৰ প্ৰস্তুতি ৷

আনকি দেওবাৰে পুনৰ সমাৱেশখনিৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডিফুত দলীয় নেতা-কৰ্মীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেবিনেট মন্ত্ৰী যোগেন মহন (Ministers preparing for PM meeting at Diphu)। ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা উক্ত সভাখন ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ডিব্ৰুগড়ত কেবিনেট মন্ত্ৰীৰ প্ৰস্তুতি সভা

এই সভাতে ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি পাহাৰীয়া জিলাবাসী লোকসকলৰ বাবে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, বিগত ছটা বছৰত জিলাখনত প্ৰভুত উন্নতি হৈছে ৷ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে, 28 এপ্ৰিলত জিলাখনৰ লৰিনথিপিত অনুষ্ঠিত হ'বলগীয়া সমাৱেশখন অসমৰ ইতিহাসৰ অন্যতম তথা সৰ্ববৃহৎ ৰাজহুৱা সভা হিচাপে পৰিগণিত হ'ব ৷

উক্ত সমাৰোহত কমেও 5-6 লাখ লোক সমবেত হ'ব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে । উল্লেখ্য যে, দেওবাৰে ডিফুত প্ৰধানমন্ত্ৰী ‘মন কী বাত’ অনুষ্ঠানতো অংশ গ্ৰহণ কৰে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেবিনেট মন্ত্ৰী যোগেন মহন (Pijush Hazarika and Jogen Mohan attended the MannKiBaat program) ।

লগতে পঢ়ক :ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

ABOUT THE AUTHOR

...view details