অসম

assam

ETV Bharat / state

মাঞ্জা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ - চুৰি ট্ৰাক জব্দ

কাৰ্বি আংলাংত বিগত কিছু দিনৰ পৰা অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়াকৈ জিলাখনত বৃহৎ পৰিমাণৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা লগতে ইয়াৰ লগত জড়িত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ এইবাৰ ড্ৰাগছ সৰবৰহকাৰী নহয় গাড়ী চোৰৰ আতংকই বিৰাজ কৰিছে কাৰ্বি আংলংত ৷

মাঞ্জা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ
মাঞ্জা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ

By

Published : Aug 15, 2021, 10:22 PM IST

ডিফু, ১5 আগষ্ট : বিগত দুটা দিনত কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে গাড়ীচোৰ চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে অভিযান চলাই এখন চুৰি ট্ৰাক জব্দ কৰাৰ লগতে গাড়ীচোৰ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

এই সন্দৰ্ভত আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১২ আগষ্টৰ বিয়লি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা আৰু সহকাৰী উপ-পৰিদৰ্শক ৰেনছিং ৰংপিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা তালাচীত গুৱাহাটীৰ পৰা খটখটী অভিমুখে আহি থকা এখন ট্ৰাকত সন্দেহবশতঃ তালাচী চলায় ।

মাঞ্জা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

ট্ৰাকখনৰ নথি পত্ৰ পৰীক্ষা কৰাত পঞ্জীয়ন নম্বৰ ভুৱা বুলি প্ৰমাণিত হোৱাৰ লগতে ট্ৰাকখন চুৰ কৰি অনা বুলি আৰক্ষী নিশ্চিত হয় । আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি নিজৰ জিম্মালৈ অনাৰ লগতে ট্ৰাকখনৰ চালক জাকিৰ হুছেইনক আটক কৰে । আৰক্ষীৰ জেৰাত ধৃত জাকিৰে অসম-নাগালেণ্ড সীমান্তৰ খটখটীৰ পৰা ট্ৰাকখন নিবলৈ অন্য লোক অহাৰ কথা ব্যক্ত কৰে ।

উক্ত তথ্যৰ ভিত্তিত মাঞ্জা থানাৰ আৰক্ষীয়ে খটখটীত গাড়ীচোৰ চক্ৰৰ আন সদস্যক জালত পেলোৱাৰ বাবে পৰিকল্পনা ৰচনা কৰে । সেই অনুসৰি ট্ৰাকখন নিয়াৰ বাবে শনিবাৰে সন্ধিয়া খটখটীত উপস্থিত হোৱাৰ সময়তে আৰক্ষীয়ে গাড়ীচোৰ চক্ৰটোৰ আন দুই সদস্যক জালত পেলাবলৈ সক্ষম হয় । ধৃত যুৱক দুজন ক্ৰমে ৰাজেন সিং আৰু চানাজাবা সিং বুলি চিনাক্ত কৰা হৈছে ।

মাঞ্জা থানাত এই সন্দৰ্ভত ৪১/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ধৃত তিনিও গাড়ীচোৰকে আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰে । এই সংক্ৰান্তত আৰু অধিক অপৰাধী জালত পৰাৰ সম্ভাৱনা থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নিৰাপত্তহীনতাত ভুগিছে অসম-নাগালেণ্ড মেৰাপানী সীমান্তৰ অসমীয়াই

ABOUT THE AUTHOR

...view details