ডিফু, 3 জুলাই: কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে জিলাখনৰ কেএছএ, কেএছৱাইচি, কেএফএ আৰু কেএনএই সংগঠনকেইটা ৷ বৃহস্পতিবাৰে বিয়লি ডিফু ৰংথিয়াংস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত সংগঠনকেইটাৰ নেতৃবৰ্গই এক সংবাদমেলৰ আয়োজন কৰি ইএমগৰাকীৰ বিৰুদ্ধে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷ কেএছএৰ সভাপতি বিজয় বে' আৰু সাধাৰণ সম্পাদক থানছিং তিমুঙে কোভিড ১৯ৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সময়ত কেএছএকেৰ লগতে বিভিন্ন সামাজিক সংগঠনে অবিৰামভাৱে বিভিন্ন উপস্বাস্থ্য কেন্দ্ৰ, কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ৰাইজক ক'ৰণা মহামাৰীৰ লগতে বিভিন্ন ধৰণে সজাগতা সৃষ্টি কৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বৃহস্পতিবাৰে পুৱা কেএছএৰ সাধাৰণ সম্পাদক থানছিং তিমুঙে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চিকিৎসা বিভাগৰ ইএম খনছিং ৰংপিক ফোনযোগে ৰংমংবে' স্বাস্থ্য কেন্দ্ৰটোত কেতবোৰ অভাৱ-অভিযোগৰ বিষয়ে ফোনযোগে অৱগত কৰাৰ লগে লগে ইএম গৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ সামাজিক সংগঠনসমূহে কেৱল ছ'চিয়েল মেডিয়াৰ ফটো পষ্ট দিয়াৰ লগতে প্ৰচাৰৰ বাবেহে কাম কৰে, ইয়াৰ বাহিৰে তেওঁলোকৰ আন কোনো কাম নাই বুলি চৰম দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ কৰে ৷
ইএম গৰাকীয়ে সংগঠনসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা এনে আচৰণ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰে কেএছএৰ সভাপতি বিজয় বে'ই ৷ তেওঁ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু সামাজিক সংগঠনসমূহৰ যৌথ কমিটিয়ে যি সময়ত কোভিড ১৯ ৰ প্ৰতিহত কৰাৰ বাবে আগশাৰীৰ সৈনিক হিচাপে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰসমূহ পৰিদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি চেষ্টা চলোৱা সময়ত ইএমগৰাকীৰ এনে তৰল মন্তব্যত সংগঠনসমূহে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ বিজয় বে'ই অভিযোগ কৰা অনুসৰি বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত উপযুক্ত শৌচাগাৰ, পানী আৰু আন্তঃগাঁথনিৰ ব্যৱস্থাৰ অভাৱ লগতে সমাজত মুকলি গণ সংক্ৰমণ নহ'লেও বহিঃৰাজ্যৰ পৰা অনা লোকসকলক একেলগে ৰখাৰ বাবেও গণ সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷