ডিফু, ১৩ ডিচেম্বৰ :'হৰ ঘৰ দস্তক' অভিযানৰ অধীনত ক'ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতি বুজ ল'বলৈ (Har Ghar Dastak campaign in karbi anglong) সোমবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ এই উদ্দেশ্যে সোমবাৰে পুৱাৰ ভাগত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ স্বাস্থ্য বিভাগ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্মচাৰী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(Keshav Mahanta review the covid vaccination status) ৷
বৈঠকৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ চুকে-কোণে ক'ভিড-১৯ নিৰ্মূলৰ বাবে মেগা ভেকচিনেচন অভিযান আৰম্ভ কৰি প্ৰায় এশ শতাংশ সফলতা লাভ কৰিছে যদিও দুই পাৰ্বত্য জিলা আৰু কৰিমগঞ্জ জিলাত এশ শতাংশ ভেকচিনেচন সম্পন্ন কৰিব পৰা নাই ৷ সেয়ে, কাৰ্বি আংলঙত পুনৰ বিশেষ ভেকচিন প্ৰদানৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷
মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, কাৰ্বি আংলঙত ১৯২ খন গাঁৱতহে সম্পূৰ্ণ হৈছে ১০০ শতাংশ ভেকচিনেচন ৷ আনহাতে ১৭৫ খন গাঁৱত ৯০ শতাংশৰ ওপৰত ভেকচিন প্ৰদান কৰা হৈছে ৷ ৭৫ খন গাঁৱত হৈছে ৫০ শতাংশতকৈ কম ভেকচিনেচন ৷ গতিকে এনে ক্ষেত্ৰত জিলাখনত ১০০ টা স্বাস্থ্য কৰ্মীৰ দলে বিশেষভাৱে চলাব এই ভেকচিনেচন অভিযান ৷ ইয়াৰ বাবে গাঁৱতে বাহৰ পাতি স্বাস্থ্য কৰ্মীৰ দলে চলাব ভেকচিন প্ৰদান প্ৰক্ৰিয়া(Covid vaccination status in karbi anglong) ৷