অসম

assam

ETV Bharat / state

ডিফু-বকলীয়াঘাটত কার্যবাহী সদস্য তৰেন্দ্র ব্রহ্মৰ প্রতিকৃতি দাহ - পশু-পালন বিভাগ

পশু-পালন বিভাগৰ দুর্নীতিৰ বিৰুদ্ধে কার্বি আংলঙত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কার্বি আংলং জিলাৰ ছাত্র সংগঠনৰ সদস্য সকলে ৷ দুর্নীতিগ্রস্ত বিষয়াগৰাকীৰ বিৰুদ্ধে শীঘ্রে ব্যৱস্থা গ্রহণ নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদ কাৰী সকলে ৷

Karbi Student Protest Against Animal Husbandry Department
ডিফু-বকলীয়াঘাটত কার্যবাহী সদস্য তৰেন্দ্র ব্রহ্মৰ প্রতিকৃতি দাহ

By

Published : Aug 31, 2020, 6:52 PM IST

ডিফু ৩১ আগষ্টঃ কার্বি আংলং জিলা পশু পালন বিভাগৰ দুর্নীতিৰ বিৰুদ্ধে সৰৱ কার্বি আংলং জিলাৰ ছাত্র সংগঠন সন্মিলিত কার্বি আংলং জিলা ছাত্র পৰিষদৰ সদস্য সকল ৷ চমুকৈ উছুকা'ই সোমবাৰে জিলাখনৰ সদৰ চহৰ ডিফু আৰু বকলীয়াঘাটত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পশুপালন বিভাগৰ কার্যবাহী সদস্য তৰেন্দ্র ব্রহ্মৰ প্রতিকৃতি দাহ কৰি পশুপালন বিভাগত অব্যাহত থকা দুর্নীতিৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। সোমবাৰে দিনৰ প্রায় 11 বজাত ডিফু চহৰস্থিত চিকিৎসা মহাবিদ্যালয়ৰ সমীপত তথা বকলীয়াঘাটৰ কার্বি বজাৰত সংগঠনটোৰ নেতা-কর্মীসকলে কার্যবাহী বিষয়া গৰাকীৰ প্রতিকৃতি দাহ কৰে।

ডিফু-বকলীয়াঘাটত কার্যবাহী সদস্য তৰেন্দ্র ব্রহ্মৰ প্রতিকৃতি দাহ

সংগঠনটোৰ সভাপতি বিবিচন টেৰণে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তর্গত আটাইকেইটা চৰকাৰী বিভাগৰ ভিতৰতে পশুপালন বিভাগ সবাতােকৈ ব্যর্থ বিভাগ বুলি অভিহিত কৰি জিলা পশুপালন বিষয়া ডাঃ দিলীপ মহস্তৰ অযােগ্যতা আৰু ব্যর্থতাৰ বাবে আজি এনে পৰিস্থিতিৰ সৃষ্টি হােরা বুলি মন্তব্য কৰে। আনহাতে, বিভাগটোক নেতৃত্ব প্রদান কৰাত কার্যবাহী সদস্য তৰেন্দ্র ব্রহ্মাই সম্পূৰ্ণ ব্যর্থ হোৱাৰ প্রতিবাদতে সংগঠনটোৱে এনে কার্যসূচী হাতত লােৱা বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে। দুর্নীতিগ্রস্ত জিলা পশুপালন বিষয়াগৰাকীৰ বিৰুদ্ধে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদ কর্তৃপক্ষই শীঘ্রে ব্যৱস্থা গ্রহণ নকৰে তেনেহ'লে অনাগত দিনত ব্যাপক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰো হুংকাৰ দিয়ে ছাত্র নেতা গৰাকীয়ে ।

আনহাতে, বকলীয়াঘাটত প্রতিবাদী কার্যসূচীৰ নেতৃত্ব প্রদান কৰা কার্বি আংলং জিলা ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক জিন্টু হাজৰিকাই দুর্নীতি মুক্ত অসম গঢ়াৰ প্রতিশ্রুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰখনে জিলাখনৰ পশুপালন বিভাগৰ দুর্নীতিৰ বিৰুদ্ধে নীৰৱ ভূমিকা গ্রহণ কৰি থকা কার্যই চৰকাৰখনৰ দুর্নীতি বিৰোধী মুখা খােল খুৱাই দিয়া বুলি ক্ষোভ প্রকাশ কৰে। প্রতিবাদকাৰী সকলে লগতে তৰেন্দ্র ব্রহ্ম মুর্দাবাদ', "ডাঃ দিলীপ মহন্ত মূর্দাবাদ', উছুকা জিন্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তােলে।

লগতে পঢ়ক- কা' বাতিলৰ দাবীত টিংখাঙত মানৱ শৃংখল



ABOUT THE AUTHOR

...view details