অসম

assam

ETV Bharat / state

শনিবাৰে মুকলি হ'ল কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড - নিবনুৱা সমস্যা

পূৰ্বৰে পৰা নিবনুৱা সমস্যা আছিলেই, এতিয়া ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৰ্মসংস্থাপন হেৰুৱাইছে বহুতে । পানীত হাঁহ নচৰা অৱস্থা হৈছে দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দিয়া শ্ৰমিকসকলৰ । এনে সময়তে কাৰ্বি আংলঙত কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে । নিবনুৱাক জীৱিকাৰ পথ দেখুওৱাৰ উদ্দেশ্যেৰে শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে ।

KARBI SECURITY SERVICE PRIVATE LIMITED LAUNCHED
শনিবাৰে মুকলি হ'ল কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড

By

Published : Jul 3, 2021, 7:24 PM IST

ডিফু, ৩ জুলাই: শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড । নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে । বৰ্তমান সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ বাবে বহু লোকে কৰ্মসংস্থাপন হেৰুৱাইছে । আনহাতে, অসমৰ নিবনুৱা সমস্যাৰ বিষয়ে সকলোৱে অৱগত ।

ইফালে, অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যাব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে সময়তে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কাম কৰাৰ বাবে আগবাঢ়ি আহিছে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ কেইজনমান উদ্যমী যুৱক । জিলাখনৰ নিবনুৱা সমস্যা আংশিকভাৱে দূৰ কৰাৰ বাবে আৰু অসংগঠিত শ্ৰমিকসকলৰ কৰ্ম সংস্থাপন জিলাখনতে সুনিশ্চিত কৰিবলৈ যুৱককেইজনে মুকলি কৰিছে কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড ৷ শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে ।

শনিবাৰে মুকলি হ'ল কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড

কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক বিমল কিলিং, জেনেৰেল মেনেজাৰ সঞ্জয় টেৰাং, ছুপাৰভাইজাৰ ৰিচাৰ্ড টেৰণ আৰু প্ৰশিক্ষক অৱসৰপ্ৰাপ্ত সেনা বিষয়া ধনচিং তেৰাঙৰ তত্বাৱধনাত পৰিচালিত হ'ব কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড ।

শনিবাৰে মুকলি হ'ল কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেড

প্ৰতিষ্ঠানটোত নিবনুৱা যুৱক-যুৱতীসকলক নিৰাপত্তাৰক্ষী, দেহৰক্ষী, চালক আৰু হাউছকীপাৰৰ প্ৰশিক্ষণ দিয়া হ'ব । লগতে তেওঁলোকৰ নিযুক্তিও প্ৰতিষ্ঠানটোৱে সুনিশ্চিত কৰিব । শনিবাৰে প্ৰথম দিনটোত ১৫০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

ইচ্ছুক যুৱক-যুৱতীক পৰিচালন সঞ্চালকৰ মোবাইল নম্বৰ ৯৩৯০৬৩২৪৩৩ আৰু জেনেৰেল মেনেজাৰৰ মোবাইল নম্বৰ ৬৩০৫৪৩৭৬৩৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ৷ কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ দৰে ৰাজ্যৰ আন জিলাসমূহতো এনে প্ৰতিষ্ঠান গঢ় লৈ উঠিলে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া নহয় । এনে পদক্ষেপৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে নিজ ৰাজ্যতে সংস্থাপন লাভ কৰিব ।

বৰ্তমানৰ পৰিস্থিতিত কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ দৰে প্ৰতিষ্ঠানে গ্ৰহণ কৰা পদক্ষেপে জিলাখনৰ যুৱক-যুৱতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ।


লগতে পঢ়ক:মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details