ডিফু, ২ নৱেম্বৰ :কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত দুর্নীতি হোৱাক লৈ বিগত প্ৰায় ৩-৪ বছৰে বিভাগটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে । কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ তিনি শতাধিক কৰ্মচাৰীৰ চাকৰি লৈ এতিয়া সংকট নামি আহিছে । পৰিষদৰ অনুমোদন অবিহনে এইসকল কৰ্মচাৰীক বিভাগটোৰ নিয়োজিত কৰা হৈছিল বুলি বৰ্তমানৰ মুখ্য বন সংৰক্ষকে তিনি শতাধিক কৰ্মচাৰীলে শ্ব'কজ নটিছ জাৰি কৰিছে ।
উল্লেখ্য যে, চাৰি বছৰ পূৰ্বে অৱসৰপ্ৰাপ্ত মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাই ৰাজ্যিক পৰ্যায়ৰ এই পদসমূহত নতুনকৈ নিযুক্তি দিয়াৰ লগতে মাষ্টাৰুলত কৰ্মৰত হৈ থকা বহু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰিছিল । ফৰেষ্টাৰৰ পৰা চতুৰ্থ শ্ৰেণীৰ মালি পদলৈকে এইসকল কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল । এইসকল কৰ্মচাৰীয়ে ইতিমধ্যে বছৰ বছৰ ধৰি প্ৰতি মাহে দৰমহা আৰু আন সুবিধাও লাভ কৰি আছে ।
ইপিনে ১৯৮৪ চনতেই নিযুক্তি পোৱা বহু কৰ্মচাৰীৰ অৱসৰ ল’বলৈ মাথোঁ দুটা বছৰ বাকী আছে । এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এইসকল কর্মচাৰীক তেওঁলোকৰ নিযুক্তিৰ বৈধ্যতা প্ৰতিপন্ন কৰিবলৈ এসপ্তাহৰ সময় বান্ধি দিছে । যাৰ ফলত এতিয়া তিনি শতাধিক কর্মচাৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।