অসম

assam

ETV Bharat / state

KAAC eviction drive at lankaijan:কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান - উচ্ছেদ অভিযান

কাৰ্বি আংলং সীমান্তৱৰ্তী লাংকাইজান এলেকাত উচ্ছেদ অভিযান ৷ আমবাৰী নামৰ বিবদমান এলেকাক লৈ হোজাই জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আলোচনা ৷

kaac eviction drive at lankaijan area near karbi anglong
লাংকাইজান এলেকাত উচ্ছেদ অভিযান

By

Published : Jul 11, 2023, 7:01 PM IST

লাংকাইজান এলেকাত উচ্ছেদ অভিযান

ডিফু, ১১ জুলাই : ২০১৯ চনত কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তীৰ বৃহতৰ লাংকাইজান এলেকাত সহস্ৰাধিক ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদ অভিযান চলোৱাৰ পিচত উক্ত ভূমি অবৈধ বেদখলকাৰীয়ে পুনৰ দখল কৰে ৷ উক্ত খবৰ লাভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ লাংকাইজান আৰু ক্লুৰডুঙত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান ৷

বিশাল নিৰাপত্তা বাহিনী লৈ চলিছিল এই উচ্ছেদ অভিযান ৷ উক্ত এলেকাত থকা প্ৰায়বোৰ লোকে কাৰ্বি আংলং জিলাৰ মাটি দখল কৰি খেতি কৰি আহিছিল ৷ বেদখলকাৰী সকলে এলেকাটোৰ কেইবাহাজাৰ বিঘা মাটি বেদখল কৰি খেতি কৰিছিল ৷ উচ্ছেদৰ পূৰ্বে অৱশ্যে বেদখলকাৰী সকলৰ প্ৰায় সকলেই নিজৰ নিজৰ গৃহৰ সামগ্ৰীসমূহ লৈ আতঁৰি গৈছে ৷

আনহাতে আমবাৰী এলেকাটো হোজাই জিলা আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নিজৰ নিজৰ বুলি দাবী কৰি আহিছে ৷ হোজাই জিলা প্ৰশাসনে এই এলেকাত বিদ্যুত সংযোগ, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ, অমৃৎ সৰোবৰ আঁচনিৰ কাম কৰি আছে ৷ এগৰাকী বন বিষয়াই সাংবাদিকৰ আগত কয় যে, এলেকাটোৰ এহেজাৰ পাঁচশ বিঘা ভূমিৰ পৰা ১৬৫ টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰা হ’ব ৷ লগতে বৰ্তমানলৈকে বেদখলকাৰী সকলে উচ্ছেদকাৰ্যত সহযোগিতা কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

উচ্ছেদস্থলীত হোজাই জিলাৰ এগৰাকী শিক্ষকে কয় যে দুয়োখন জিলাৰ উৰ্ধতম কৰ্তৃপক্ষই সীমা নিৰ্ধাৰণ কৰি উচ্ছেদ কৰক তাত আপত্তি নাই ৷ সীমা নিৰ্ধাৰণ নহ’লে সীমান্তবাসী লোকৰ আলৈ-আথনি হয় ৷ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কৰা এই উচ্ছেদ অভিযান এতিয়া আমবাৰীত থমকিছে ৷ আনহাতে এই উচ্ছেদ অভিযানলৈ উচ্ছেদস্থলীত হোজাই জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ মাজত এক আলোচনা হয় ৷

পৰৱৰ্তী সময়ত দুয়োখন জিলা প্ৰশাসনে সীমা ভালদৰে নিৰ্ধাৰণ কৰাৰ পিচতহে আমবাৰী এলেকাত উচ্ছেদ হ’ব বুলি জানিব পৰা গৈছে ৷ আজিৰ উচ্ছেদত বিধায়ক দৰচিং ৰংহাঙ, পৰিষদৰ ৰাজহ বিভাগৰ ইএম অমৰচিং তিচ’, ইএম মধুৰাম লেকথে, এমএচি জনি তিমুঙ, বনবিষয়া জগন্নাথ ৰংপি, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে ধৰি পৰিষদৰ আৰু বনবিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :Website launched for forest department:ডিফুত বনবিভাগৰ ৰাজহ সংগ্ৰহৰ বাবে ৱেবছাইট মুকলি

ABOUT THE AUTHOR

...view details