ডিফু,7 অক্টোবৰ: কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ অধীনত হানজাংলাংছ’ৰ খেলপথাৰত চলি থকা আন্তঃক্লাব ফুটবল চেম্পিয়নশ্বিপৰ এই বৰ্ষৰ ফাইনেলত মাতগ্ৰিক এফচিয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে খেলখনত মাতগ্ৰিক এফচিৰ হৈ প্ৰথম 42 মিনিটত পাৰছ বড়োৱে গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে ৷ অৱশেষত 1-0 ৰ ব্যৱধানত খেলখনত জয়ী হয় দলটো ৷
ইণ্টাৰক্লাৱ ফুটবল চেম্পিয়নশ্বিপত চূড়ান্ত খিতাপ দখল মাতগ্ৰিক এফচিৰ - কংচিং এফচি
কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ অধীনত চলি থকা ইণ্টাৰক্লাব ফুটবল চেম্পিয়নশ্বিপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে মাতগ্ৰিক এফচিয়ে ৷ দলটোৱে কংচিং এফচিক 1-0 ত হৰুৱাই খেলখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷
উক্ত খেলৰ মেন অৱ দা টুৰ্ণামেণ্টৰ সন্মান লাভ কৰে মাতগ্ৰিক এফচিৰ মাধ শইকীয়া আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পাৰছ বড়োৱে ৷ বিজেতাক পুৰস্কাৰ প্ৰদান কৰে লাংটুক তিমুঙ আৰু কাছাৰ সম্পাদক হৰেণ ইংতিয়ে ৷ চূড়ান্ত বিজয়ীক ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী প্ৰাক্তন সদস্য জীৱন পাঠক আৰু কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে ৷ ইয়াৰোপৰি বঁটা বিতৰণী সভাত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ছিং ৰংহাঙে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ এই চূড়ান্ত খেলখন পৰিচালনা কৰে শঙ্কৰ তেৰাঙে ৷
লগতে চাওকঃআমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ