অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ - বন বিভাগ

প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে অবৈধ চোৰাং কাঠ (ILLIGEL WOOD) ৷ বৃহস্পতিবাৰে বোকাজান, মৰাণ আৰু ৰঙিয়াত বন বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Jul 1, 2021, 10:30 PM IST

ডিফু,১ জুলাইঃবিগত কিছুদিন ধৰি ৰাজ্যৰ অপৰাধৰ ক্ষেত্ৰখনত অবৈধ ড্ৰাগছ ব্যৱৰহাৰকাৰী আৰু সৰবৰাহকাৰীৰ সক্ৰিয়তা পৰিলক্ষিত হৈ আহিছে ৷ তাৰ সমান্তৰালকৈ শেহতীয়াকৈ ৰাজ্যৰ বনাঞ্চল সমূহত দৃষ্টি নিক্ষেপ কৰিছে বন মাফিয়া চক্ৰই ৷ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বোকাজানত দহ লক্ষাধিক টকা মূল্যৰ কাঠ জব্দ :

বোকাজানৰ ডাৰোগা বাগানৰ ভিতৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ । উক্ত ঘটনাই বহু মূল্যৱান কাঠ আৰু বনজ সম্পদৰে ভৰপুৰ সেউজ কাৰ্বি আংলঙলৈ আনিছে অশনি সংকেত । মনকিৰবলগীয়া যে, বোকাজানত বনাঞ্চল ধ্বংসৰ যজ্ঞৰ বাবে নামি পৰিছে একাংশ অসাধু বন ধংসকাৰী । বোকাজানৰ ললিত শৰ্মা নামৰ এজন লোকৰ ঘৰৰ পাছফালে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ । কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখতকৈও অধিক বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কাৰ্বি আংলঙৰ বিভিন্ন অসাধু ব্যৱসায়ীয়ে গছ বন কাটি বনাঞ্চল ধ্বংসৰ যজ্ঞ চলাই আহিছে । এই সকলোবোৰ দেখিও নিৰ্লিপ্ততাৰ ভূমিকা পালন কৰিছে বোকাজান বন বিভাগে । আনহাতে বোকাজানত বহু বন মাফিয়াই দীৰ্ঘদিনৰ পৰা মূল্যবান কাঠৰ ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ।

আচলতে এই সকল মাফিয়াক বনাঞ্চল ধ্বংসৰ বাবে কোনে সেউজ সংকেত প্ৰদান কৰিলে ? নে বন বিভাগক মেনেজ কৰি এই ধ্বংস যজ্ঞ চলাই গৈছে বন মাফিয়াই তাকলৈও প্ৰশ্ন উত্থাপন হৈছে । প্ৰকৃততে এই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বোকাজান বন বিভাগে সেয়া সময়তহে লক্ষণীয় হ'ব ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
মৰাণত সান্ধ্য আইনৰ মাজতে জব্দ চোৰাং কাঠ :

সান্ধ্য আইনৰ মাজতে বুধবাৰে নিশা দুলীয়াজান আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ । আৰক্ষীৰ যান বাহন শাখাই জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি । দুলীয়াজান মাজ গাঁৱৰ পৰা চিৰিং খাটত থকা এটা অবৈধ কাঠ মিললৈ কঢ়িয়াই নিছিল এই অবৈধ কাঠখিনি ।

গৌতম বৰা নামৰ লোকজনে এখন ডি আই বাহনত কঢ়িয়াই আনিছিল অবৈধ কাঠখিনি । আৰক্ষীয়ে জব্দ কৰা কাঠখিনিৰ মূল্য বহু হাজাৰ টকা হ'ব বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যে জব্দ কৰা কাঠখিনি দুলীয়াজান আৰক্ষীয়ে দিহিং পাটকাইৰ চৰাইপুং ৰেঞ্জৰ বন বিষয়াক গটাই দিয়ে ।

ৰঙিয়াত বিজেপি নেতাৰ ট্ৰাকত ওলাল চোৰাং কাঠ :

উত্তৰ কামৰূপ বন সংমণ্ডলৰ অভিযানত জব্দ কেইবা লক্ষাধিক টকা মূল্যৰ কাঠ । বন বিভাগৰ হাতত আটক হৈছে কাঠ সৰবৰাহকাৰী চালক হেণ্ডিমেন সহ চাৰিজন । নিশাৰ অন্ধকাৰত মূল্যবান কাঠ ভৰ্তি ট্ৰাক দুখন লৈ আহিছিল ছিপাঝাৰৰ পৰা খাৰুপেটিয়ালৈ । তথ্য অনুসৰি দুয়োখন ট্ৰাকেই ছিপাঝাৰৰ এজন বিজেপি নেতাৰ ।

ছিপাঝাৰৰ পৰা AS-01-JC-9787 আৰু BR-06-GC-8720 নম্বৰৰ পৰা খাৰুপেটীয়া আহি থকা অৱস্থাত জব্দ হয় কাঠ ভৰ্তি ট্ৰাক দুখন । কাঠ ভৰ্তি ট্ৰাক দুখনৰ এখন দিপিলাত আৰু আনখন খাৰুপেটিয়াত আৰক্ষী আৰু বন বিভাগৰ হাতত ধৰা পৰে । ছিপাঝাৰৰ পৰা খাৰুপেটীয়ালৈ আহি থকা অৱস্থাত আৰক্ষী আৰু বন বিভাগৰ হাতত জব্দ হোৱা ট্ৰাক দুখনত নাছিল উপযুক্ত নথি-পত্ৰ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

দীৰ্ঘদিনৰ পৰা নিশাৰ অন্ধকাৰত এনেদৰে লাখ লাখ টকা মূল্যৰ মূল্যবান কাঠ ভৰ্তি ট্ৰাক সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । ইফালে কাঠ ভৰ্তি ট্ৰাক দুখনৰ চালক হেণ্ডিমেন সহ চাৰিজনক উত্তৰ কামৰূপ বন সংমণ্ডলে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । আদলতে চালক হেণ্ডিমেন সহ চাৰিওজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ(DRUGS) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (ASSAM POLICE) ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ জিলা আৰক্ষী তথা প্ৰশাসন ৷

লগতে পঢ়কঃ চূড়ান্ত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি

ABOUT THE AUTHOR

...view details