ডিফু,9 মাৰ্চ: বোকাজানৰ বৰপথাৰত মঙলবাৰে আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন ৷ নিৰ্বাচনী আচৰণ বিধি বলৱৎ থকাৰ মাজতে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগদ ধনখিনি ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত হিমাদ্রী নামৰ AS 09 C 2272 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰা হৈছে প্ৰায় 40 লক্ষাধিক টকা ।
বৰপথাৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ - diphu
মঙলবাৰে বোকাজানৰ বৰপথাৰত তালাচী চলাই প্ৰায় 40 লক্ষাধিক টকা জব্দ আৰক্ষীৰ ৷ বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত এজন ব্যৱসায়ীৰ পৰা জব্দ কৰা হয় নগদ ধনখিনি ৷
বৰপথাৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
গোলাঘাটৰ ব্যৱসায়ী পৱন কুমাৰ শৰ্মা নামৰ লোকজনৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনখিনি । লোকজনে ডিমাপুৰৰ পৰা ধনখিনি অনা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:গোলকগঞ্জত বৃদ্ধা নিৰুদ্দেশ