ডিফু, 27 নৱেম্বৰ :ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা ৷ 12 কোটি টকাৰ নিষিদ্ধ হেৰ’ইনসহ দুই সৰৱৰাহকাৰী আৰক্ষীৰ জালত ৷ বুধবাৰে নিশা বোকাজান আৰক্ষীৰ এক বিশেষ নাকা তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ এই ড্ৰাগছখিনি ৷ আনহাতে, আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হয় এজন সৰৱৰাহকাৰী ৷
প্ৰাপ্ত তথ্য অনুসৰি, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, বোকাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনি চমুৱা, খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, উপ পৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল, সহকাৰী উপ পৰিদৰ্শক সুজিব বসুমতাৰী আৰু বোকাজানৰ মাটিপুল গাঁওৰক্ষী বাহিনীৰ সহযোগত চলোৱা হৈছিল তালাচী ৷ এই তালাচীৰ সময়তেই বোকাজানৰ দিশৰ পৰা আহি থকা যুৱকদুজনৰ পৰা 150 টা চাবোনৰ বাকচত 1 কেজি 777 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয় ৷