অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ বাবে এটি ভাল খবৰ - কেইবা হাজাৰ বিঘা মাটি

কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ বাবে আহিছে এটা ভাল খবৰ । এতিয়াৰ পৰা ক্ষুদ্ৰ খেতিয়কৰ পৰা উচিত মূল্যত ৰবৰ ক্ৰয় কৰিব কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে । সোমবাৰে মাঞ্জাত ৰবৰ ক্ৰয়ৰ এখন আঁচনিৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

good news for small rubber planters of karbi anglong
পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ বাবে এটি ভাল খবৰ

By

Published : Aug 11, 2020, 2:56 AM IST

ডিফু, 11 আগষ্ট:বছৰি বুজন পৰিমাণৰ ৰবৰ উৎপাদন কৰাৰ পিছতো উৎপাদিত সামগ্ৰীৰ সমূচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ লোকচানৰ সন্মুখীন হৈ অহা কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে সোমবাৰে মুকলি কৰিলে এখন ক্ৰয় আঁচনিৰ ।

এতিয়াৰে পৰা জিলাখনত উৎপাদিত ৰবৰ সমূহ খেতিয়কৰ পৰা উচিত মূল্যত ক্ৰয় কৰিব কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে । সোমবাৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । মাঞ্জাৰ লুম্বাজং সমবায় সমিতিৰ প্ৰাংগনত অনুষ্ঠিত এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীকে ধৰি পৰিষদৰ কেইবাগৰাকীও সদস্য আৰু কাৰ্যবাহী সদস্য ।

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ বাবে এটি ভাল খবৰ

উল্লেখ যোগ্য যে, কাৰ্বি আংলং জিলাৰ পাহাৰীয়া এলেকাৰ কেইবা হাজাৰ বিঘা মাটিত বছৰি বুজন পৰিমাণৰ ৰবৰ উৎপাদন হৈ আহিছে । কৃষকৰ কঠোৰ শ্ৰমৰ বিনিময়ত উৎপাদিত হোৱা এই কেঁচামাল সমূহৰ বজাৰত উচিত মূল্য লাভ নকৰাৰ ফলত জিলাখনৰ ৰবৰ খেতিয়ক সকলে বছৰি সন্মুখীন হৈ আহিবলগীয়া হৈছিল বুজন পৰিমাণৰ আৰ্থিক লোকচানৰ ।

জিলাখনৰ ৰবৰ খেতিয়ক সকলৰ এনে দুৰ্দশা সম্পৰ্কে যোৱা ১৭ মে’ত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ আলোচনা কক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হৈছিল । এই সভাতে ৰবৰ খেতিয়কসকলে প্ৰতি কিলোগ্ৰামত ৮০ টকা দৰত ৰবৰ বিক্ৰী কৰিবলগীয়া হোৱাত খেতিয়কসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছিল । আলোচনাৰ অন্তত জিলাখনৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ কল্যাণৰ বাবে উৎপাদিত ৰবৰ সমূহ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকলৰ বাবে এটি ভাল খবৰ

এই সিদ্ধান্ত অনুসৰি সৰ্বাধিক দহ হেক্টৰ পৰ্যন্ত ভূমিত ৰবৰ উৎপাদন কৰা ৰবৰৰ ক্ষুদ্ৰ খেতিয়ক সকলৰ পৰা পৰিষদে নূন্যতম প্ৰতি কিলোগ্ৰামত ১৩০ টকা দৰত ৰবৰ ক্ৰয় কৰিব । অৱশ্যে পঞ্জীয়ন ভুক্ত ৰবৰ খেতিয়ক সকলৰ পৰাহে পৰিষদে ক্ৰয় কৰিব ৰবৰ ।

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ এনে পদক্ষেপৰ ফলত বছৰ বছৰ ধৰি উপযুক্ত বজাৰৰ অভাৱত লোকচানৰ সন্মুখীন হৈ অহা ক্ষুদ্ৰ ৰবৰ খেতিয়ক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ।

লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ

ABOUT THE AUTHOR

...view details