ডিফু,৮ জানুৱাৰী:সোমবাৰে ডিফুৰ অত্যাধুনিক কাছা ষ্টেডিয়ামত অসম ফুটবল সন্থাৰ উদ্যোগত অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৷ চূড়ান্ত খেলখনত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি দলে চিৰাং দুৱাৰ এফচিক ৫-৩ গ'লৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷ যোৱা ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ডাবল লীগ পৰ্যায়ৰ প্ৰতিযোগিতাখনত মুঠ ৫৬ খন খেল অনুষ্ঠিত হয় ৷
সমগ্ৰ লীগটোত অসমৰ মুঠ আঠটাকৈ দলে অংশ গ্ৰহণ কৰে ৷ চূড়ান্ত খেলখন অনুষ্ঠিত হয় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি বনাম চিৰাং দুৱাৰ এফচিৰ মাজত ৷ খেলখন আৰম্ভনিৰ পূৰ্বে খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়া হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অল ইণ্ডিয়া ফুটবল ফেডাৰেছনৰ সভাপতি কল্যাণ চৌবে, অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, সম্পাদক চাংৰাং ব্ৰহ্ম আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ৷