ডিফু, ২২ এপ্ৰিল: সমগ্ৰ বিশ্বই পালন কৰিছে ধৰিত্ৰী দিৱস । অসমৰো বিভিন্ন জিলাত বৃহস্পতিবাৰৰ দিনটোত পালন কৰা হৈছে এই দিৱস ।কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডি এল এছ এৰ উদ্যোগত ধৰিত্ৰীদিৱস উদযাপন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি ডি এল এছ এয়ে ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ডিফুত ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী - DIPHU DLSA CELEBRATE EARTH DAY
কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ ডি এল এছ এৰ উদ্যোগত ধৰিত্ৰী দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ লগত সংগতি ৰাখি ডি এল এছ এয়ে ডিফু ন্যায়িক আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
সহকাৰী সত্ৰ ন্যায়াধীশ এম এইছ আনচাৰী, কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙ, ডি এল এছ এৰ সচিব নাগিব আহমেদে বৃক্ষৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ বৃক্ষৰোপণৰ পিছতে 'ধৰিত্ৰী দিৱস' সন্দৰ্ভত এক অনলাইন আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷
ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডি এল এছ এৰ অন্তৰ্ভুক্ত অধিবক্তা, ৱান ষ্টপ চেণ্টাৰৰ প্ৰতিনিধি, ডিফু উকিল সন্থাৰ প্ৰতিনিধি আৰু আইনৰ ছাত্ৰসকলে অনলাইন আলোচনাত অংশ গ্ৰহণ কৰে ৷ উক্ত আলোচনাত মূল বক্তা হিচাপে থাকে সুপ্ৰিয়া হাঞ্চু ৷ দীপাঞ্জলী দাসে আলোচনাচক্ৰ পৰিচালনা কৰে ৷
লগতে পঢ়ক:নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত