অসম

assam

ETV Bharat / state

মাঞ্জাত ডি.এন.এল.এৰ দুই লিংকমেন আটক

মঙলবাৰে মাঞ্জা আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ডি.এন.এল.এ ৰ দুই লিংকমেন আটক ৷ দাবী কৰা ধন নিবলৈ অহাৰ সময়তেই আটক লিংকমেন দুজন ৷ ৷

By

Published : Jul 31, 2019, 2:12 PM IST

মাঞ্জাত ডি.এন.এল.এৰ দুই লিংকমেন আটক

ডিফু, 31 জুলাইঃ মঙলবাৰে মাঞ্জাত সেনা-আৰক্ষীৰ এক যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় সশস্ত্ৰ উগ্ৰপন্থী সংগঠন ডি.এন.এল.এ ৰ দুজন লিংকমেন ৷ প্ৰাপ্ত তথ্য মতে, মঙলবাৰে মাঞ্জা আৰক্ষী আৰু সেনাৰ 12 নং গাৰোৱাল ৰেজিমেণ্টে মাঞ্জা থানাৰ এক ডকাইতি গোচৰৰ ভিত্তিত অভিযান চলাই লিংকমেনক দুজনক আটক কৰিবলৈ সক্ষম হয়৷ দাবী কৰা ধন নিবলৈ অহাৰ সময়তে কাৰ্বি আংলং জিলা আৰক্ষীয়ে আটক কৰে লিংকমেনক দুজনক৷ লিংকমেন দুজন ক্ৰমে, মাঞ্জা থানাৰ অন্তৰ্গত বৰজান কৌণ্ঠিলাল বস্তিৰ মৃত জিয়ুং ক্ষেত্ৰেছাৰ পুত্ৰ সুৰেশ ক্ষেত্ৰেছা (27) আৰু আনজন মাঞ্জা থানা অন্তৰ্গত লংনিট থাবাদায়েৰৰ মৃত বাদল সিং হাঞ্চেৰ পুত্ৰ পুচনলাল হাঞ্চে (40) বুলি চিনাক্ত কৰা হৈছে ৷ অধিক তথ্যৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details