অসম

assam

ETV Bharat / state

মাঞ্জা আৰক্ষীৰ জালত DNLA ৰ লিংকমেন - মাঞ্জা আৰক্ষীৰ জালত DNLA ৰ লিংকমেন

মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ কৰা DNLA ৰ দুই লিংকমেনক ঘটনাৰ 20 দিনৰ পিছত আটক কৰিলে মাঞ্জা আৰক্ষীয়ে ৷

গ্ৰেণেড নিক্ষেপ কৰা DNLA ৰ লিংকমেনক আটক কৰিলে আৰক্ষীয়ে

By

Published : Oct 23, 2019, 11:10 PM IST

ডিফু, ২২ অক্টোবৰঃ কাৰ্বিআংলঙৰ মাঞ্জা বজাৰৰ এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ কৰাৰ লগত জড়িত দুই দূৰ্বৃত্তক সোমবাৰে আটক কৰে আৰক্ষীয়ে ৷ মাঞ্জা আৰক্ষীৰ এক সূত্ৰ অনুসৰি ঘটনা সংঘটিত হোৱা দিনৰে পৰা দূৰ্বৃত্তক আটক কৰিবলৈ মাঞ্জা আৰক্ষীয়ে ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ ঘটনা সংঘটিত হোৱাৰ ২০ দিনৰ পাছত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এক অভিযানকাৰী দলে যোৱা সোমবাৰে মাঞ্জা আৰু ডিফুৰ পৰা লিংকমেন দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লিংকমেন দুটা ক্ৰমে হোজাই নালাৰ ধীৰেণ হোজাইৰ পুত্ৰ ছাম হোজাই (৪০) আৰু ৰেঙ্গলহেলেঙৰ চি জদিঙ্গলীয়ানাৰ পুত্ৰ জেমি ছাকচুৱাক বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত দুয়োজন উগ্ৰপন্থী সংগঠন ডিএনএলএ নেতা ৰণিল জিগদুঙ আৰু এলউইণ্ড জিগদুঙৰ হৈ কাম কৰি আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত মাঞ্জা থানাৰ গোচৰ নং ২৮/২০১৯ ত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰি ডিফু ন্যায়িক আদলতৰ পৰা দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে ৷ কাইলৈ দুয়োকে ডিফু কাৰাগাৰলৈ প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে , শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণতে কাৰ্বি আংলং জিলাৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ নিক্ষেপ কৰা গ্ৰেণেডটো সৌভাগ্যক্ৰমে বিষ্ফোৰণ হোৱা নাছিল ৷

ABOUT THE AUTHOR

...view details