অসম

assam

এগৰাকী মানসিক বিকাৰগ্ৰস্তক সহায়ৰ হাত কাৰ্বি আংলং DLSA য়ে

By

Published : Jul 13, 2021, 10:55 PM IST

মানৱতা এতিয়াও জীয়াই আছে ৷ তাহানিতে সুঠাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই কৈ গৈছিল মানুহে মানুহৰ বাবে যদি অকনো নাভাবে ভাবিব কোনোনে কোৱা ৷ তাকে প্ৰমাণ কৰি দেখুৱালে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে (DLSA) ৷

DLSA RESCUED A MANTAILLY PERSON AT DIPHU
কাৰ্বি আংলং জিলাৰ DLSA য়ে উদ্ধাৰ কৰিলে মানসিকভাবে বিকাৰগ্ৰস্ত ৰোগীক

ডিফু, ১৩ জুলাই : কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ (district legal services authority) (DLSA) ডিএলএছএৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ মানৱতা যে এতিয়াও জীয়াই আছে তাকে প্ৰমাণ কৰি দেখুৱালে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে ৷ মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ কাষতে এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকক কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ (DLSA) ডিএলছএৰ বিষয়ববীয়াই প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে সংগঠনটোৰ বিষয়ববীয়া সকলে মানসিক বিকাৰগ্ৰস্ত লোকজনৰ কাষচাপে ৷

কাৰ্বি আংলং জিলাৰ DLSA য়ে উদ্ধাৰ কৰিলে মানসিকভাবে বিকাৰগ্ৰস্ত ৰোগীক

প্ৰথমতে দীৰ্ঘদিনৰ পৰা অনাহাৰে থকা লোকজনক আইন সেৱা প্ৰাধিকৰণ কৰ্মী সকলে আহাৰৰ প্ৰদান কৰে ৷ একেদৰে আইন সেৱা প্ৰাধিকৰণ ডিএলএছএ (DLSA) কৰ্তৃপক্ষই জিলা আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে ৷ তাৰপাচতে ডিফু আৰক্ষীৰ সহযোগত ব্যক্তি গৰাকীক উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত চিকিৎসাৰ প্ৰদানৰ বাবে ভৰ্তি কৰে ৷ সম্প্ৰতি মানসিকভাবে বিকাৰগ্ৰস্ত লোকজনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

কাৰ্বি আংলং জিলাৰ DLSA য়ে উদ্ধাৰ কৰিলে মানসিকভাবে বিকাৰগ্ৰস্ত ৰোগীক

আনহাতে এই মহামাৰী ক’ৰণাৰ (COVID) ভয়াৱহ সংক্ৰমণৰ সময়ত এনেদৰে এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোকক কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে কৰা সহায়ৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে সচেতন মহলে শলাগ লৈছে সংগঠনটোৰ ৷

লগতে পঢ়কঃ Swine fever : দৰঙত গাহৰি পালকৰ কাষত মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details