অসম

assam

Lachit Gogoi Arrested: বিজেপি নেতা লাচিত গগৈক আটক ডিফু আৰক্ষীৰ

By

Published : Jul 23, 2023, 8:39 AM IST

ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক আটক ডিফু আৰক্ষীৰ ৷ ডিফুত আৰক্ষীক সহযোগিতা কৰিবলৈ অহা বুলি মন্তব্য কৰে বিজেপি নেতা লাচিত গগৈয়ে ৷

Diphu Police arrested BJP Leader Lachit Gogoi
ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক আটক

লাচিত গগৈক আটক ডিফু আৰক্ষীৰ

ডিফু, 22 জুলাই :ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক ডিফু আৰক্ষীয়ে শুকুৰবাৰে নিশা চৰাইদেউৰ পৰা আটক কৰে ৷ আটাছুৰ নেতা মিলন বুঢ়াগোহাঁই আৰু লাচিত গগৈৰ মাজত হোৱা টেলিফোনিক এটা বাৰ্তালাপ ভাইৰেল হোৱাৰ পাছতেই কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া এই দুই নেতাৰ বিৰুদ্ধে সক্ৰিয় হৈ এক গোচৰ ৰুজু কৰে ৷ কাৰণ এই দুয়ো নেতাৰ মাজত হোৱা কথোপকথনত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আৰু গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ নাম উল্লেখ কৰি দুয়োজনকে লাচিত গগৈয়ে ধন দিয়াৰ কথা উল্লেখ কৰিছিল ৷

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকক জিলাখনৰ মাজেৰে চুপাৰি ছিণ্ডিকেট চলোৱাৰ বাবে 12.50 লাখ টকা দিয়াৰ কথা উল্লেখ কৰিছিল বাৰ্তালাপত ৷ এই অডিঅ’ বার্তালাপ ভাইৰেল হোৱাৰ পাছতেই শুকুৰবাৰে নিশা কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে ডিফু থানাত এটা গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে বিজেপি নেতা লাচিত গগৈক চৰাইদেউৰ পৰা আটক কৰি শনিবাৰে পুৱতি নিশা ডিফুলৈ আনে ৷

উল্লেখ্য যে এই দুয়োগৰাকী নেতাৰ বাৰ্তালাপত ৰাজ্যৰ কিছু জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ নামো উল্লেখিত হৈছিল ৷ জানিব পৰা মতে, কাৰ্বি আংলং জিলা আৰক্ষীয়ে লাচিত গগৈক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ নিশা স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত সাংবাদিকে নেতাজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি কৈ এই কাৰ্য মিছা বুলি কয় ৷ ডিফুত আৰক্ষীক সহযোগিতা কৰিবলৈ অহা বুলিহে মন্তব্য কৰে বিজেপি নেতা লাচিত গগৈয়ে ৷

উল্লেখযোগ্য যে, সামাজিক মাধ্যমত তথা বিভিন্ন সংবাদ মাধ্যমত বিয়পি পৰা কথোপকথনৰ এটা অডিঅ’ই ৰাজ্যত ধুমুহাৰ সৃষ্টি কৰিছে ৷ এই অডিঅ’ই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ শীৰ্ষ মহলতো ধুমুহাৰ সৃষ্টি কৰিছে ৷ এই অডিঅ’টোত ৰাজ্যৰ কিছু জ্যেষ্ঠ ৰাজনৈতিক নেতা, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ নাম উল্লেখ কৰা হৈছে ৷ এই অডিঅ’টোৰ বিৰুদ্ধে ডিফু থানাত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৰুজু কৰা গোচৰৰ ভিত্তিতে আটক কৰা হৈছে লাচিত গগৈক ৷

লগতে পঢ়ক :ATASU Press Meet : আটাছুৰ কেন্দ্ৰীয় সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক

ABOUT THE AUTHOR

...view details