ডিফু, ৩০ মে':সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ডিফু আৰক্ষীয়েও কাৰ্বি আংলঙত আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নিশাৰে পৰা কাৰ্বি আংলং জিলা আৰক্ষীয়ে সমগ্ৰ জিলাৰ লগতে ডিফুতো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে ৷
ডিফু আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান , আটক দুজন শনিবাৰে নিশা আৰক্ষীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অভিযান চলাই মুকেশ হোজাই নামৰ এজন যুৱকক আটক কৰে ৷ উল্লেখযোগ্য যে, মুকেশ হোজাই এপিডিচিএলত কণিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত ৷
ডিফু আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান , আটক দুজন মুকেশ হোজাই নামৰ এপিডিচিএলৰ কণিষ্ঠ অভিযন্তাজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে, দেওবাৰে আৰক্ষীয়ে ডিফুৰ হৰিলাল বস্তিত অভিযান চলাই আব্দুল মন্নান নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে মুকেশ হোজাইৰ পৰা ২ গ্ৰাম আৰু আব্দুল মান্নান নামৰ লোকজনৰ পৰা তিনি গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে, স্থানীয় লোকে আব্দুল মান্নান নামৰ ব্যক্তিগৰাকীয়ে ঘৰত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷
লগতে পঢ়ক :চিৰাঙৰ কাজলগাঁৱত বোমাতংক