অসম

assam

ETV Bharat / state

ডিফু চিকিৎসা মহাবিদালয়ত 70 সংখ্যক বন মহোৎসৱ উদযাপন

ডিফু হিল্ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত 70 সংখ্যক বন মহোৎসৱ উপলক্ষে 10 হাজাৰ গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 26, 2019, 8:56 AM IST

ডিফু চিকিৎসা মহাবিদালয়ত 70 সংখ্যক বন মহোৎসৱ উদযাপন

ডিফু, 26 জুলাইঃ বৃহস্পতিবাৰে ডিফু হিল্ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ প্ৰাংগণত 70 সংখ্যক বন মহোৎসৱ উপলক্ষে 10 হাজাৰ গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মুখ্য বৃক্ষৰোপক হিচাপে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি অসমৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ দৰে ডিফু চিকিৎসা মহাবিদালয়ৰ চৌহদতো বিভিন্ন গছ- গছনিৰ লগতে ঔষধি গছপুলি ৰোপণ কাৰ্যসূচী এক সৌভাগ্যৰ বিষয় বুলি মন্তব্য আগবঢ়ায় ৷ ইয়াৰোপৰি অহা নৱেম্বৰ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয় খনক 300 খন বিছনাযুক্ত হাস্পতাল হিচাপে গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰে ৷

ডিফু চিকিৎসা মহাবিদালয়ত 70 সংখ্যক বন মহোৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details