অসম

assam

By

Published : Jan 19, 2021, 8:48 PM IST

ETV Bharat / state

ডিফুত মুখ্যমন্ত্রীৰ নৱবর্ষৰ উপহাৰ প্রদান

কাৰ্বি-আংলং জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমৰ লগতে কাৰ্বিআংলং আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সাংবাদিক সকললৈকো প্ৰেৰণ কৰে নৱবৰ্ষৰ উপহাৰ ৷

DIPHU_GIFT DISTRIBUTION TO  GOVT RECOGNITION REPORTER
ডিফুত মুখ্যমন্ত্রীৰ নৱবর্ষৰ উপহাৰ প্রদান

ডিফু,১৯ জানুবাৰী : কাৰ্বি-আংলং জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত মঙলবাৰে এক উপহাৰ বিতৰন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সংবাদিক সকললৈ প্ৰেৰণ কৰা নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰা হয় ৷ কাৰ্বি-আংলং জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ কার্যালয়ত অনুষ্ঠিত এই সভাত কাৰ্বিআংলং আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সাংবাদিক সকলৰ মাজতো উপহাৰ বিতৰণ কৰা হয় ৷

ডিফুত মুখ্যমন্ত্রীৰ নৱবর্ষৰ উপহাৰ প্রদান

জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই আঁত ধৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে, কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত কার্যবাহী সদস্য কূপছিং টেৰণ ৷

ইয়াৰ উপৰিও কাৰ্বিআংলং জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক অভিনাশ বর্মনৰ লগতে ডিমাহাচাও জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক শেখৰ ইংতিৰ আৰু ডিফুৰ জ্যেষ্ঠ-কনিষ্ঠ বহু সাংবাদিক উপস্থিত থাকে ৷

লগতে পঢ়ক :অৰুণাচলত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ

ABOUT THE AUTHOR

...view details