অসম

assam

ETV Bharat / state

বিশিষ্ট সাংবাদিক-লেখক পৱিত্ৰ বৰাৰ "ৰূপান্তৰৰ কথকতা" উন্মোচন - diphu BOOK INOUGURATION

ডিফু ক্লাৱত দেওবাৰে লেখক তথা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাৰ প্ৰবন্ধ সংকলন “ৰূপান্তৰৰ কথকতা” উন্মোচন কৰা হয় ৷ এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্য কাণ্ডাৰী আৰু সুধীবৃন্দৰ উপস্থিতিত বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে উন্মোচন কৰে গ্ৰন্থখন ৷

diphu-book-inouguration
বিশিষ্ট সাংবাদিক-লেখক পৱিত্ৰ বৰাৰ "ৰূপান্তৰৰ কথকতা" উন্মোচন

By

Published : Jan 3, 2021, 8:44 PM IST

ডিফু, ৩ জানুৱাৰী: পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফু ক্লাৱত দেওবাৰে লেখক তথা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাৰ প্ৰবন্ধ সংকলন “ৰূপান্তৰৰ কথকতা” উন্মোচন কৰা হয় ৷ এক গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্য কাণ্ডাৰী আৰু সুধীবৃন্দৰ উপস্থিতিত বৰেণ্য সাহিত্যিক ৰংবং তেৰাঙে উন্মোচন কৰে গ্ৰন্থখন ৷

বিশিষ্ট সাংবাদিক-লেখক পৱিত্ৰ বৰাৰ "ৰূপান্তৰৰ কথকতা" উন্মোচন

জনপ্ৰিয় কবি চাৰএৎ হাঞ্চেৰ সভাপতিত্বত হোৱা গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয় যে, " পবিত্ৰৰ গ্ৰন্থখনৰ বেটুপাত অংকণ কৰিছে প্ৰখ্যাত শিল্পী বীৰেণ সিংহই ৷ বীৰেণ সিংহৰ এই চিঞৰৰ অৰ্থ হ’ল আশাৰ চিঞৰ ৷ একেদৰে পবিত্ৰৰ গ্ৰন্থখনে এক আশাৰ বতৰা দিছে ৷ গ্ৰন্থখনৰ বেটুপাত আৰু নামৰ মিলেই গ্ৰন্থখনৰ সাৰ্থকতা প্ৰতিপন্ন কৰিছে ৷ "

বিশিষ্ট সাংবাদিক-লেখক পৱিত্ৰ বৰাৰ "ৰূপান্তৰৰ কথকতা" উন্মোচন

সভাখনত নিদিষ্ট বক্তাৰ ভাষণ দি অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কুসুম্বৰ বৰুৱাই কয় যে, "গ্ৰন্থখনত মাটিৰ গোন্ধ আছে ৷ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ বিষয়ে অতি নিটুলকৈ লিখা হৈছে ৷ লেখক গৰাকী শব্দক লৈ বৰ সচেতন ৷ সেয়ে তেখেতৰ গদ্যৰ এক সুকীয়া সুৱাদ পাব সকলোৱে ৷"

সভাপতিৰ আসনৰ পৰা বিশিষ্ট কবি চাৰএৎ হাঞ্চেই কয় যে, "পবিত্ৰৰ সন্দৰ্ভত হোমেন বৰগোহাঞি ছাৰে কৈছে, কাৰ্বি আংলং জিলাৰ বোকাজানত জন্মগ্ৰহণ কৰা পবিত্ৰ বৰা কাৰ্বিতকৈও বেছি কাৰ্বি। কাৰ্বি সমাজ, সংস্কৃতি, ৰাজনীতি আৰু সাহিত্যৰ বিষয়ে তেওঁতকৈ বেছি জনা দ্বিতীয় এজন ব্যক্তি আছে বুলি মই বিশ্বাস নকৰো ৷"

লগতে পঢ়ক: 21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

ABOUT THE AUTHOR

...view details