অসম

assam

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ

By

Published : Sep 14, 2020, 8:08 PM IST

প্ৰতিদিনেই অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ উল্লেখ্য যে,ৃনিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী ৷

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ  সৰবৰাহ
অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ

ডিফু,১8 ছেপ্টেম্বৰ :কাৰ্বি-আংলঙ নাগালেণ্ড সীমান্তত অব্যাহত আছে ড্ৰাগছৰ দৌৰাত্ম্য ৷ টাটা ডি আই বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা প্ৰায় ৪৬০ গ্ৰাম ওজনৰ বৰবিহ হেৰ'ইন উদ্ধাৰ ৷ প্ৰতিদিনেই অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ

উল্লেখ্য যে,নিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে আৰক্ষীৰ জালত পৰিছে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী ৷ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰাৰ বিপৰীতে আৰক্ষীৰ চকুত ধুলি দি লাখ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী সৰবৰাবাহ কৰে এই দুৰ্বৃত্ত কেইজনে ৷ যোৱা ৩১ আগষ্টতে ডিলাই আৰক্ষী থানাৰ অন্তর্গত লাহৰীজানত জব্দ কৰিছিল প্ৰায় 20 লাখ টকাৰ ড্ৰাগছ ৷ ইপিনে ৩১ আগষ্টত ডিলাই থানাৰ অন্তর্গত লাহাৰীজান তহলদাৰী চকীত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ৫৭২ গ্ৰাম হেৰইনসহ এএএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ এখন টাটা ডি আই বাহন জব্দ কবিবলৈ সক্ষম হৈছিল। উক্ত ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে দুই সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত ডিলাই থানাত ২৬/২০২০ নম্বৰত এক গোচৰো ৰুজু কৰা হৈছে । সোমবাৰে উদ্ধাৰ হোৱা বাহনখনত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই ইঞ্জিনৰ সৈতে সংলগ্ন কৰি এক গোপন চেম্বাৰ নির্মাণ কৰি সেই চেম্বাৰত বুজন পৰিমাণৰ ড্ৰাগছ গোপনে কঢ়িয়ায় আনিছিল ৷

লগতে পঢ়ক:অগপৰে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই বিজেপিয়ে

ABOUT THE AUTHOR

...view details