অসম

assam

By

Published : Jun 30, 2020, 12:41 PM IST

Updated : Jun 30, 2020, 12:59 PM IST

ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰলৈ যোৱা যুৱকক মাৰপিটৰ অভিযোগ

ধুবুৰীৰ কোৱাৰেণ্টাইনত থকা লোকসকলে বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ সততে উত্থাপন হৈছে। তেনে সময়তে ধুবুৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হ'ল বহিঃৰাজ্যৰ পৰা অহা লোকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ।

কোৱাৰেন্টাইন চেন্টাৰলৈ যোৱা যুৱকক মাৰপিটৰ অভিযোগ
কোৱাৰেন্টাইন চেন্টাৰলৈ যোৱা যুৱকক মাৰপিটৰ অভিযোগ

ধুবুৰী, 30 জুনঃধুবুৰী ভোলানাথ মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত এতিয়াও ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো লোক আছে । যোৱা নিশাও এই দুজন লোক বহিঃৰাজ্যৰ পৰা এ এছ টি চিৰ বাছেৰে ধুবুৰী জিলাৰ বহলপুৰত নাম পঞ্জীয়ন কৰাই ধুবুৰীত উপস্থিত হয়। ইউ পিৰ পৰা অহা মস্তফা আলী সৰকাৰ আৰু হায়দৰাবাদৰ পৰা অহা আশ্রফ আলী নামৰ লোক দুজনক বাছৰ পৰা নমাই দিয়াৰ পিছত ধুবুৰী ভোলানাথ কলেজত উপস্থিত হয় যদিও মূল গেট খন বন্ধ থকাত বহু সময় অপেক্ষা কৰিও কোনো সঁহাৰি নাপাই লোক দুজনে সহায় বিচাৰি গৈ উপস্থিত হয় কাষতে থকা বি এন কলেজ নগৰ আৰক্ষী চকীত। বি এন কলেজ নগৰ আৰক্ষীয়ে তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলৈ দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাকৈ ওলোটাই তেওঁলোকক বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱকদ্বয়ে। পিছত অৱশ্যে আৰক্ষীয়ে কোৱাৰেণ্টাইন চেণ্টাৰত থৈ অহাৰ কথা জনাই ৷

যুৱকক মাৰপিটৰ অভিযোগ
উল্লেখযোগ্য যে,আৰক্ষীৰ ওচৰত সহায় বিচাৰি যোৱা লোকক এইদৰে মাৰপিট কৰাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অত্যাচাৰ চলোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে।
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়
আনহাতে আৰক্ষীয়ে এই সংক্ৰান্তত মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও ভুক্তভোগী যুৱকদ্বয়ৰ অভিযোগ খণ্ডন কৰি যুৱক দুজনে নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ লগতে চাওকঃ বানৰ বিভীষিকা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি বন্যজীৱৰ
Last Updated : Jun 30, 2020, 12:59 PM IST

ABOUT THE AUTHOR

...view details