অসম

assam

By

Published : Dec 1, 2022, 8:09 PM IST

ETV Bharat / state

Special camp to induct new voters: ডিমা হাছাওত নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ বিশেষ শিবিৰ মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত ডিমা হাছাও জিলাত নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ কাম আৰম্ভ । 18 বছৰৰ যুৱক-যুৱতীসকলৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আজিৰে পৰা বিশেষ শিবিৰ মুকলি(Special camp to induct new voters) ।

Special camp to induct new voters
ডিমা হাছাওত নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ বিশেষ শিবিৰ মুকলি

ডিমা হাছাও, 1 ডিচেম্বৰ:ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত আজিৰে পৰা সমগ্ৰ ডিমা হাছাও জিলাত আৰম্ভ হৈছে নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ কাম(Election Commission of India) ৷ 18 বছৰ বয়সৰ নতুন ভোটাৰসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে জিলাখনত অভিযান আৰম্ভ হৈছে । ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ আজি নিজ কাৰ্যালত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে(Dima Hasao DC Nazreen Ahmed) ৷

ডিমা হাছাওত নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰাৰ বিশেষ শিবিৰ মুকলি

জিলা উপায়ুক্তগৰাকীয়ে কয় যে, বৃহস্পতিবাৰৰ পৰা ডিমা হাছাও জিলাৰ সকলো বিদ্যালয়ত 18 বছৰৰ ভোটাৰসকলৰ নাম অন্তৰ্ভূক্ত কৰাৰ বিশেষ অভিযান আৰম্ভ হৈছে(Special camp to induct new voters) । অহা 3 ডিচেম্বৰ আৰু 4 ডিচেম্বৰত ডিমা হাছাও জিলাৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত 18 বছৰৰ যুৱক-যুৱতীসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে 17 বছৰৰ যুৱক-যুৱতীৰ নাম ৰেজিষ্ট্ৰেছন কৰা হ’ব(Special Camps for Registration of New Voters) ।

জিলা উপায়ুক্তই লগতে সংবাদমেলত কয় যে, 18 বছৰৰ নতুন ভোটাৰসকল আৰু 17 বছৰৰ যুৱক-যুৱতীসকল ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে ৰেজিষ্ট্ৰেছন কৰিব পাৰিব ৷ ইয়াৰ উপৰি নিৰ্বাচন আয়োগৰ পৰ্টেল বা জিলা নিৰ্বাচন কাৰ্যালয়তো তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ।

জিলা উপায়ুক্তগৰাকী আৰু কয় যে, 17 বছৰৰ যিসকল যুৱক-যুৱতীয়ে তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেচন কৰিব, তেওঁলোকৰ 18 বছৰ হোৱাৰ পিচতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব ৷ ইয়াৰ লগতে তেওঁলোকক ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে জিলা উপায়ুক্ত নাজৰিন আহমেদে ।

লগতে পঢ়ক :Birendra Prasad Baishya slams Ripun Bora: ৰিপুন বৰাক কটাক্ষ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

ABOUT THE AUTHOR

...view details