ডিফু, ১৬ জুন: ২০১৭ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ কুকি বিদ্ৰোহী সংগঠনৰ পৰা সহায় লোৱা বুলি উত্থাপন হোৱা অভিযোগক অস্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ইমান মানুহে বিজেপিক ভোট দি জয় কৰাইছে, এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে ৷’’
৮ খন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ স্বীকৃতি বাতিল কৰা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ‘‘এই কথা মই শুনা নাই ৷’’ ৮ খন মহাবিদ্য়ালয়ক বিশ্ববিদ্যালয় কৰিবলৈ ৬ আগষ্টত পুঁজি আহিব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷
উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীৰ শাসনকালত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ ৯ বছৰীয়া শাসনত সমগ্ৰ উত্তৰ-পূব ভাৰততে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হোৱা বুলি মন্তব্য কৰি বিজেপিৰ আমোলত আকাশী ভ্ৰমণৰ সুবিধাৰ বাবে উত্তৰ-পূবত কেইবাটাও বিমানবন্দৰ নিৰ্মাণৰ উদ্যোগ লোৱা বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ অসমৰ বাট-পথৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া চলি থকা বুলি সভাত অৱগত কৰে ৷