ডিফু, ২৮ মাৰ্চঃ শনিবাৰে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত কাৰ্বি আংলঙত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সম্পৰ্কে বুজ ল'বলৈ ডিফুত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিফুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ আলোচনাত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম' ৰংহাঙ, কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীও উপস্থিত থাকে ৷ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷
কৰ'ণা ভাইৰাছৰ ব্যৱস্থা সম্পৰ্কে বুজ ল'বলৈ ডিফুত উপস্থিত মুখ্যমন্ত্ৰী
শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুস্থিত আৱৰ্ত ভৱনত উপস্থিত হৈ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
ডিফুত উপস্থিত মুখ্যমন্ত্ৰী