অসম

assam

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 10:51 PM IST

ETV Bharat / state

Burmese Supari seized: ট্ৰাকৰ গোপন চেম্বাৰত বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ; দুই সৰবৰাহকাৰী আটক

ট্ৰাকত গোপন চেম্বাৰ সাজি বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ ৷ খটখটীত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ‌ ট্ৰাক জব্দ ৷ চালক-হেণ্ডিমেনক আটক ৷

Burmese Supari seized at Khatkhati
দুই সৰবৰাহকাৰী আটক

বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহ

ডিফু, 6 ছেপ্টেম্বৰ : বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৷ অভিযানত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা বিভিন্ন সময়ত জব্দ হৈছে বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক ৷ বহু সময়ত অসাধু চক্ৰই বিভিন্ন কৌশলেৰে, গোপনে বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা কৰি আহিছে যদিও আৰক্ষীয়ে এই কৌশল সময়ে সময়ে বিফল কৰি আহিছে ৷

বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহক কেন্দ্ৰ কৰি গঢ়ি উঠা ছিণ্ডিকেটৰ প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্য তোলপাৰ হৈ থকাৰ সময়তে বুধবাৰে বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰিসহ‌ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ বিৱৰণ অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বুধবাৰে‌ বিয়লি খটখটী আৰক্ষীয়ে নিয়মীয়া তালাচী চলায় ৷

আৰক্ষীৰ এই তালাচীৰ সময়তে আৰক্ষীৰ দলটোৱে এএছ-26-এচি-1080 নম্বৰৰ ছয়চকীয়া ট্ৰাকখনত চলোৱা তালাচীৰ সময়ত ট্ৰাকখনত এক গোপন চেম্বাৰ থকাৰ বিষয়ে জানিব পাৰে ৷ লগে লগে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি খটখটী থানালৈ নিয়াৰ পিছত গোপন চেম্বাৰ কাটি চেম্বাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত 2570 কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷

জব্দ হোৱা চুপাৰিখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে নি থকা হৈছিল বুলি জানিব পৰা গৈছে ৷ জব্দ হোৱা চুপাৰিখিনিৰ বিপৰীতে কোনো বৈধ নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ধৃত চালক আৰু হেণ্ডিমেনজন ক্ৰমে বৰপেটা জিলাৰ কলগাছিয়াৰ আকবৰ আলি আৰু মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক :Amrit Brikshya Andolan: ৪৭ কোটি টকাৰে ১ কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details