অসম

assam

ETV Bharat / state

Missing youth recovered: অৱশেষত উদ্ধাৰ লাংভুকু জলপ্ৰপাতত চেলফি উঠিবলৈ গৈ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ - জলপ্ৰপাতত ছেলফি

চেলফিয়েই কাল হ’ল ডিমাপুৰৰ এজন যুৱকৰ বাবে ৷ শণিবাৰে কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰিছিল ডিমাপুৰৰ সুৰেশ চাকমা (23) নামৰ যুৱকজন (Youth drown at Langvoku waterfall) ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন ৷ অৱশেষত উদ্ধাৰ হ’ল ডিমাপুৰৰ যুৱক সুৰেশ চাকমাৰ মৃতদেহ ৷

Body of missing youth recovered at Langvoku waterfall in Karbi Anglong
অৱশেষত উদ্ধাৰ লাংভুকু জলপ্ৰপাত চেলফি উঠিবলৈ গৈ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ

By

Published : Oct 12, 2022, 8:01 AM IST

ডিফু,12 অক্টোবৰ: তিনি দিন ধৰি চলোৱা দুঃসাহসিক আৰু নিৰন্তৰ অভিযানৰ অন্তত অৱশেষত উদ্ধাৰ হ’ল লাংভুকু জলপ্ৰপাতত নিৰুদ্দিষ্ট হৈ থকা ডিমাপুৰৰ যুৱক সুৰেশ চাকমাৰ মৃতদেহ (body of missing youth recovered at Langvoku waterfall) ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা আৰক্ষী, এছডিআৰএফৰ দল,অগ্নিনিৰ্বাপক বাহিনী, লাংভুকু জলপ্ৰপাত উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজে শণিবাৰৰ পৰা চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত মঙলবাৰে জলপ্ৰপাতটোৰ দুটা শিলৰ ফাঁকৰ পৰা সুৰেশ চাকমাৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, শণিবাৰে কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰিছিল ডিমাপুৰৰ সুৰেশ চাকমা (23) নামৰ যুৱকজন (Youth drown at Langvoku waterfall) ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন ৷

ঘটনাৰ বিৱৰণি অনুসৰি, অৰুণ বিকাশ চাকমাৰ পুত্ৰ সুৰেশ চাকমাই আন তিনি বন্ধু আৰু দুগৰাকী বান্ধৱীসহ স্নাতক পৰীক্ষা শেষ কৰিয়ে শনিবাৰে ডিমাপুৰৰ পৰা ফুৰিবলৈ আহিছিল লাংভুকু জলপ্ৰপাতলৈ (Langvoku waterfall in Karbi Anglong) ৷ জলপ্ৰপাতটোৰ নৈসৰ্গিক আৰু মনোমোহা দৃশ্যাৱলী উপভোগ কৰি হাঁহি ধেমালিৰে সময় পাৰ কৰাৰ মাজতে ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰে আৰু তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল সুৰেশ চাকমা নামৰ যুৱকজন৷ ইয়াৰ পাছতে সহপাঠী বন্ধুকেইজনে যুৱকজনৰ পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰে ৷

পৰিয়ালৰ লোকে এই ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজৰ সহযোগত জলপ্ৰপাতটোত সুৰেশৰ সন্ধান আৰম্ভ কৰে যদিও দেওবাৰলৈকে কোনো সন্ধান নোপোৱাত নিকটৱৰ্তী মাঞ্জা আৰক্ষী থানাত যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ অৱগত কৰে ৷ পৰৱৰ্তী সময়ত এছডিআৰএফৰ দল, অগ্নিনিৰ্বাপক বাহিনী, লাংভুকু জলপ্ৰপাত উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজে যুৱকজনৰ সন্ধানত আৰম্ভ কৰিছিল অভিযান ৷

কাৰ্বি আংলং জিলাৰ মাঞ্জা-ডিলাই অঞ্চলত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত লাংভুকু জলপ্ৰপাতটো ৷ জলপ্ৰপাতটোৰ লগতে চৌদিশৰ নৈসৰ্গিক আৰু মনোমোহা দৃশ্যাৱলীয়ে প্ৰতিপল হাত বাউল দি মাতে প্ৰতিগৰাকী পৰ্যটকক ৷ কিন্তু শেহতীয়াকৈ জলপ্ৰপাতটোত সংঘটিত শোকাৱহ ঘটনাৰ পাছত স্থানীয় লোকসকলে প্ৰতিগৰাকী পৰ্যটকক জলপ্ৰপাতটোৰ প্ৰাকৃতিৰ শোভা উপভোগ কৰাৰ লগতে পুনৰ এনে দুৰ্ভাগ্যজনক ঘটনা পুনৰাবৃত্তি নোহোৱাৰ কামনাৰে সকলোকে সচেতন হ’বৰ বাবেও জনাইছে আহ্বান ৷

লগতে পঢ়ক:Newborn body recovered: ৭ মাহৰ অন্তঃসত্বা আছিল অভিযুক্ত যুৱতীগৰাকী

ABOUT THE AUTHOR

...view details