ডিফু, 19 মাৰ্চঃৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুঙ্গত উঠিছে কাৰ্বি পাহাৰৰ নিৰ্বাচনী গৰম বতাহ । জিলাখনৰ চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ উঠি পৰি লাগিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলং । কৰকাণ্ঠি মণ্ডল বিজেপি সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দংকাচিণ্ঠু খেলপথাৰত ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰছিং ৰংহাঙৰ সমৰ্থনত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা ।
কৰকাণ্ঠি মণ্ডল বিজেপিৰ সভাপতি দলৈ ইংতিৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত কৰকাণ্ঠি পৰিষদীয় সমষ্টিৰ ২৯২ টা পৰিয়ালৰ সদস্যই কংগ্ৰেছ, এ এছ ডি ছি, এ পি এইছ এল ছি দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে । সভাত কেইবাগৰাকীও বক্তাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কংগ্ৰেছ আৰু অন্যান্য দলসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।